মুখ্য-পৃষ্ঠা

দিল্লীৰ উৎকট গৰম কাঢ়ি লৈছে নেকি গুৱাহাটীয়ে...

Asomiya Pratidin

ডিজিটেল ডেস্ক : দিল্লীৰ উৎকট গৰমক শান্ত কৰি পুৱাই আহিল এজাক কিনকিনীয়া বৰষুণ। যি বৰষুণে দিল্লীবাসীৰ আজিৰ পুৱা এক মনোৰম পুৱালৈ পৰিণত কৰিলে। পিছে দিল্লীৰ গৰম যেন নামি আহিল গুৱাহাটীলৈ। দিল্লীৰ দৰে উৎকট গৰমে আজি পিঠি দহিছে গুৱাহাটী মহানগৰবাসীৰ।

আজিৰ পুৱাৰ ভাগত দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা আছিল ২০.৭ ডিগ্ৰী চেলচিয়াছ। যি স্বাভাৱিক অৱস্থাতকৈ প্ৰায় ছয় গুণ কম। চহৰখনক সোমবাৰ তথা মঙলবাৰৰ পুৱা প্ৰায় ৮/৮.৩০ বজাত ১ মি.মিৰ বৰষুণে ধুই যায়। যি কথা বতৰ বিজ্ঞান বিভাগে আগজাননী দিছিল। বতৰ বিজ্ঞান বিভাগে উল্লেখ কৰা মতেই বজ্ৰপাতও দেখা দিলে চহৰখনত। যাৰ বাবে আজি দিল্লীৰ সৰ্বনিম্ন তাপমাত্ৰা ২০.৭ ডিগ্ৰী চেলচিয়াছ হোৱাৰ বিপৰীতে সৰ্বাধিক তাপমাত্ৰা ৩৫ ডিগ্ৰী চেলচিয়াছ। চাবলৈ গ'লে সৰ্বাধিক তাপমাত্ৰাও স্বাভাৱিক অৱস্থাতকৈ পাঁচ গুণ কম।

পিছে দিল্লীৰ তাপমাত্ৰাৰ সৈতে যেন ফেৰ মাৰিছে গুৱাহাটী মহানগৰীৰ তাপমাত্ৰাই। আজি গুৱাহাটী মহানগৰীৰ সৰ্বোচ্চ তাপমাত্ৰা ৩৬ ডিগ্ৰী চেলচিয়াছ। যাৰ বাবে ঘৰৰ পৰা বাট-পথলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সন্মুখীন হৈছে গুৱাহাটীবাসী। জেঠৰ গৰমে যেন বাৰুকৈয়ে দহিছে গুৱাহাটীবাসীক। ভৰ গ্ৰীষ্মকাল নহওঁতেই বতৰৰ এই তাপমাত্ৰাই গুৱাহাটীৰ জলবায়ু পৰিৱৰ্তনকে সূচাইছে।

গুৱাহাটীৰ চৌদিশে হোৱা ব্যাপক প্ৰদূষণেই ইয়াৰ মূল কাৰণ। অত্যাধিক মাত্ৰাত যান-বাহন চালনৰ উপৰিও উৰণীয়া সেতু নিৰ্মাণৰ নামত গুৱাহাটীত গছ-গছনি ধ্বংস কৰাৰ পৰিণতি এয়া। তদুপৰি মহানগৰীৰ চাৰিওদিশে চলি থকা বিভিন্ন নিৰ্মাণ কাৰ্যয়েও প্ৰদূষণৰ মাত্ৰা যথেষ্ট বৃদ্ধি কৰিছে। উল্লেখ্য যে বিগত সময়চোৱাৰ তুলনাত মহানগৰীত বায়ুমান সূচক বৃদ্ধি পাইছে।

গুৱাহাটী আই আই টিৰ এক তথ্য অনুসৰি চলিত বৰ্ষৰ ৮ ফেব্ৰুৱাৰীৰ দিনা ২৪ ঘণ্টাত মহানগৰীৰ বায়ুমান সূচক আছিল ৩৫০, যি মানৱ স্বাস্থ্যৰ বাবে অতিকৈ বিপদজনক। আনহাতে এইক্ষেত্ৰত বিশ্ব স্বাস্থ্য সংস্থাই দিয়া বিপদৰেখা হ'ল ৪০০, যাৰ নিচেই কাষ চাপিছে মহানগৰীৰ বায়ুমান সূচক।