মুখ্য-পৃষ্ঠা

হাইকৰ্টত সকাহ নাপাই চুপ্ৰিম কৰ্টত আবেদন কেজৰিৱালৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দিল্লী সুৰা কেলংকাৰী গোচৰত দিল্লী হাইকৰ্টত সকাহ নোপোৱাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দেশৰ উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰিছে। বুধবাৰে পুৱাই উচ্চতম ন্যায়ালয়ত আম আদমী পাৰ্টিয়ে অতি সোনকালে এই বিষয়টোক লৈ শুনানি গ্ৰহণ কৰিবলৈ আবেদন জনায়। উল্লেখ কৰা প্ৰয়োজন যে, দিল্লী উচ্চ ন্যায়ালয়ত মঙলবাৰে মুখ থেকেচা খাইছিল কেজৰিৱালে।

দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰ সম্পূৰ্ণ সঠিকভাৱে হৈছে বুলি ৰায় প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰী গৰাকীৰ গ্ৰেপ্তাৰে কোনো আইন উলংঘন কৰা নাই বুলি দিল্লী উচ্চ ন্যায়ালয়ে ৰায় দিছিল। ইয়াৰ পিছতে কেজৰিৱালৰ অধিবক্তাই কাষ চাপে উচ্চতম ন্যায়ালয়ৰ।

ইফালে দিল্লী উচ্চতম ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পাছত আপৰ নেতৃত্বই কয় যে, আমাৰ আইনৰ ওপৰত বিশ্বাস আছে। এয়া ৰাজনৈতিক কু অভিসন্ধি। কেজৰিৱাল আৰু আপক ৰাজনৈতিকভাৱে নিঃশেষ কৰাৰ বাবে বিজেপিয়ে এনে মিছা অভিযোগ জাপি দিছে। দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক যোৱা ২১মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল ই ডিয়ে।