মুখ্য-পৃষ্ঠা

দিল্লীত ৰোহেঙগীয়া শৰণাৰ্থীৰ শিবিৰত শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড

asomiyapratidin

দিল্লীত ৰোহেঙগীয়া শৰণাৰ্থীৰ শিবিৰত শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল ডেস্ক: দিল্লীৰ কালিন্দ্ৰী কুঞ্জ মেট্ৰ ষ্টেচন সমীপত থকা ৰেহেঙীয়া শৰণাৰ্থীৰ এটা শিবিৰত শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছিল। অগ্নিকাণ্ডত শিবিৰটোত থকা প্ৰায় ৫৬ টা জুপুৰি ঘৰ জ্বলি ভষ্মীভূত হোৱাৰ তথ্য পোহৰলৈ আহিছে ।প্ৰাপ্ত তথ্য অনুসৰি শনিবাৰে নিশা ১২ মান বজাত এই অগ্নকাণ্ডৰ সুত্ৰপাত হৈছিল।খবৰ পোৱাৰ লগে লগে অগ্নি নিৰ্বাপন বাহীনিৰ ৫ খন গাড়ী আৰু আৰক্ষীৰ এটা দল ঘটনা স্থলীত উপস্থিত হৈ ৩ বজালৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। বিষয়া সকলে সদৰি কৰা তথ্য অনুসৰি অগ্নি কাণ্ডত জাহ যোৱা ৫৬ টা ঘৰত প্ৰায় ২৭০ জন ৰেহেঙীয়া শৰণাৰ্থীয়ে বসবাস কৰিছল আৰু এই ঘটনাত আহত হোৱাৰ নাই কোনো ৰোহেঙগীয়া শৰণাৰ্থী ।