জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱী, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ…

জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱী, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ…

জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱী, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ…

ডিজিটেল ডেস্কঃ কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ মাজতে শুক্ৰবাৰৰ পৰা ইংলেণ্ডৰ কৰ্ণৱালত অুষ্ঠিত হৈছে জি-৭ৰ অন্তৰ্ভুক্ত দেশসমূহৰ তিনিদিনীয়া সন্মিলন। এই সন্মিলনত জি-৭ৰ সদস্য ৰাষ্ট্ৰসকলৰ উপৰিও এক ভাৰ্ছুৱেল বৈঠকত আমন্ত্ৰিত সদস্য হিচাপে উপস্থিত থাকে দক্ষিণ কোৰিয়া, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপ্ৰধানৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৃটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনৰ আমন্ত্ৰণ মৰ্মে এই ভাৰ্ছুৱেল বৈঠকত অংশগ্ৰহণ কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে।

জি-৭ ৰ এই বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনাৰ এই সংকটৰ মাজতে 'এক পৃথিৱী, এক স্বাস্থ্য'ৰ বাৰ্তা প্ৰেৰণ কৰিলে। ইয়াৰ উপৰিও ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰৱৰ্তী সময়ছোৱাত সকলোধৰণৰ স্বাস্থ্য সম্বন্ধীয় জৰুৰী অৱস্থাত সকলোৱে একেলগে যুঁজ দিয়াৰো বাৰ্তা প্ৰদান কৰিলে।

ইফালে এই বৈঠকতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'এক পৃথিৱী, এক স্বাস্থ্য' বাৰ্তালৈ সমৰ্থন আগবঢ়ালে জাৰ্মানীৰ চেন্সলৰ এঞ্জেলা মৰ্কেলে।

আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকৰ জৰিয়তে কোৰোনা ভেকচিনৰ ওপৰত থকা 'পেটেণ্ট' প্ৰত্যাহৰ কৰিবলৈও আহ্বান জনাইছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতি সমৰ্থন জনাইছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছনে।

উল্লেখ্য যে জি-৭ ৰ অন্যতম সদস্য ৰাষ্ট্ৰ ফ্ৰান্সে কোৰোনা ভেকচিনৰ উৎপাদন বৃদ্ধিৰ বাবে ভাৰতৰ দৰে বিকাকশীল দেশসমূহক পৰ্যাপ্ত পৰিমাণে প্ৰয়োজনীয় কেঁচা মাল যোগান ধৰিব লাগে বুলি এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in