মুখ্য-পৃষ্ঠা

ফিফা ট্ৰফী উন্মোচন দিপীকা পাডুকনৰ, প্ৰথম গৰাকী ভাৰতীয় হিচাপে কৰিলে গৌৰৱান্বিত...

Asomiya Pratidin

ডিজিটেল ডেস্ক: বিতৰ্ক নহয়, ভাৰতক আকৌ এবাৰ গৌৰৱান্বিত কৰি বলিউডৰ অভিনেত্ৰী দীপিকা পাডুকন ফিফা ট্ৰফী উন্মোচন কৰিলে। ফিফা ট্ৰফী উন্মোচন কৰা প্ৰথম ভাৰতীয় হিচাপে পৰিগণিত হয় দিপীকা। লুচাইল ষ্টেডিয়ামতএই ট্ৰফী উন্মোচন কৰে।

এই গৰাকী অভিনেত্ৰীয়ে ভাৰতক বহু সময়ত গৌৰৱান্বিত কৰি আহিছে। বিগত কেইটামান দিন ধৰি বিতৰ্কত থাকিলেও এই খবৰে অনুৰাগী সকলক যথেষ্ঠ সুখী কৰি তুলিব।

অভিনেত্ৰী গৰাকীৰ এই ফটো পোহৰলৈ অহাৰ পাছতেই প্ৰশংসাৰে উপাচাই পেলাইছে। খেলখনৰ বাবে বৰ্তমান বলীউডৰ কেইবাজনো চেলিব্ৰেটি কাটাৰত আছে। তেওঁলোকৰ ভিতৰত আছে কৰিশ্মা কাপুৰ, শ্বাহৰুখ খান, ফাৰাহ খান, মোহনলাল আৰু অন্যান্য।