বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত দিবা-নৈশ ক্রিকেট প্রতিযোগিতাঃ প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ
বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত দিবা-নৈশ ক্রিকেট প্রতিযোগিতাঃ প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ 
মুখ্য-পৃষ্ঠা

বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত দিবা-নৈশ ক্রিকেট প্রতিযোগিতাঃ প্ৰথম পুৰস্কাৰ ৫০ হাজাৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ বাকোলা খেলপথাৰত অহা ১৮, ১৯ আৰু ২০ জানুৱাৰীত অঞ্চলটোৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত মফিজুদ্দিন আহমেদৰ সোঁৱৰণত বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত চলন্ত ট্ৰফী আৰু প্রাইজমানি দিবা-নৈশ ক্রিকেট খেল প্রতিযোগিতা অনুষ্ঠিত কৰাৰ ব্যাপক আয়োজন চলিছে ।

জামুগুৰিহাটৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ দাতিত অৱস্হিত বাকোলা খেল পথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনিত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ ক্ৰিকেট দলে অংশগ্ৰহণ কৰিব।

ইতিমধ্যে মুঠ ৫০ টা দলে ভৰ্তি মাচুল ২১০০ টকাসহ যোগদানৰ প-পত্ৰ জমা দিছে বুলিও জানিবলৈ দিছে উদ্যোক্তাসকলে । বাকোলা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজন কৰা দিবা-নৈশ ক্ৰিকেট খেল প্রতিযোগিতাখনি শুভ উদ্বোধন কৰিব জামুগুৰি ক্ৰীড়া সন্হাৰ সভাপতি গৌতম লাহনে৷

ইফালে প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি বঁটাসমূহ বিতৰন কৰিব ভৰলী কোঁৱৰ উপাধীৰে বিভূষিত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই।

মফিজুদ্দিন আহমেদ সোঁৱৰণি দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতাখনিত আকৰ্ষণীয় ট্ৰফীৰ উপৰিও প্ৰতিযোগিতাৰ বিজয়ী দলক ৫০ হাজাৰ টকা আৰু বিজেতা দলক ২০ হাজাৰ টকাৰে পুৰস্কৃত কৰাৰ লগতে মেন অৱ দ্যা মেচ,বেষ্ট ৰাণাৰ,বেষ্ট বলাৰ আৰু সৃংখলাবদ্ধ টীমৰ বঁটা সমূহো প্ৰদান কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিব দিয়ে ।