মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এখন প্ৰীতি খেল
মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এখন প্ৰীতি খেল 
মুখ্য-পৃষ্ঠা

ভাল খবৰ, গঠন হ'ল দৰং জিলা হেণ্ডবল সন্থা

Asomiya Pratidin

ডিজিটেল সংবাদ,‌মঙলদৈঃ অসমত ১৯৮১ চনতে জন্মলাভ কৰা হেণ্ডবল খেলে ২০২৩ চনৰ জানুৱাৰী মাহত হে দৰং জিলাক সামৰি ল'বলৈ সক্ষম হয়। দৰঙত গঠন হয় হেণ্ডবল খেল সন্থা।

নৱ গঠিত দৰং জিলা হেণ্ডবল সন্থাৰ উদ্যোগত আৰু অসম হেণ্ডবল সন্থাৰ সহযোগত শুক্ৰবাৰে মঙলদৈ বিদ্যাপীঠ হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয় এখন প্ৰীতি খেল। নলবাৰী আৰু বাক্সা জিলাৰ ছোৱালীৰ মাজত প্ৰীতি হেণ্ডবল খেল অনুষ্ঠিত কৰি দৰঙৰ খেলুৱৈসকলক উৎসাহিত কৰে।

আগন্তুক শিৱসাগৰত হ'বলগীয়া আন্তঃ জিলা চিনিয়ৰ হেণ্ডবল প্ৰতিযোগিতাত দৰং জিলাই অংশগ্ৰহণ কৰিব পৰাটো জিলাখনৰ নৱ প্ৰজন্মৰ বাবে ইতিবাচক খবৰ বুলি দৰঙৰ ৰাইজে জানিবলৈ দিয়ে।