মুখ্য-পৃষ্ঠা

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই নুশুনে ৰাইজৰ অভিযোগঃ জি পি সিঙক অভিযোগ দাখিল...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনেশ্বৰ বে’ই জুৱা, লটাৰী, তীৰ, চুৰিকাৰ্য আদিৰ বিষয়ে ৰাইজৰ অভিযোগ নুশুনে আৰু ফোন কৰিলেও সঁহাৰি নিদিয়ে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কোকৰাঝাৰ বিজেপিৰ সম্পাদক জয়দ্বীপ ৰায়ে । কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে ৰাইজৰ অভিযোগৰ প্ৰতি অকণো গুৰুত্ব নিদিয়াৰ বাবে অৱশেষত বাধ্য হৈ অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙক টুইটাৰৰ জৰিয়তে অভিযোগ কৰিছে।

টুইটত জয়দ্বীপ ৰায়ে এখন লটাৰীৰ ফটো সংযোগ কৰি উল্লেখ কৰিছে যে "বহু ধৰণৰ কৰ্কট ৰোগ আমাৰ সমাজত বিয়পি পৰাৰ পৰা আমাৰ ত্ৰাণকৰ্তাই বাধা দিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে কোনোবা স্বাৰ্থপৰ ব্যক্তিৰ দ্বাৰা চিকিৎসা নকৰাৰ বাবে এতিয়াও আমাৰ সমাজত কৰ্কট ৰোগ দেখা যায় আৰু ই যথেষ্ট বিয়পিবলৈ আৰম্ভ কৰিছে। "

ইয়াৰ পিছতেই বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে টুইটৰ উত্তৰ দি কোকৰাঝাৰ আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । সেইমতে কোকৰাঝাৰ আৰক্ষী তৎপৰ হৈ পৰে আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি টুইটৰ উত্তৰ দিয়ে ।

এই সন্দৰ্ভত আজি কোকৰাঝাৰ বিজেপিৰ সম্পাদক জয়দ্বীপ ৰায়ে কয় যে, কোকৰাঝাৰ চহৰত অবাধ প্ৰচলন হৈ থকা লটাৰী, জুৱা ,তীৰ , দোকানত চুৰিকাণ্ড , মটৰচাইকেল চুৰিৰ বিৰুদ্ধে কোকৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বে'ক বহুবাৰ অভিযোগ দিয়া হৈছিল যদিও অকণো গুৰুত্ব নিদিলে । তদুপৰি আৰক্ষী বিষয়াগৰাকীয়ে শেষত ফোন পৰ্যন্ত নধৰা হ'ল বুলি অভিযোগ কৰে ।

নৱ প্ৰজন্মৰ লগতে দিন হাজিৰা কৰা শ্ৰমিকসকল জুৱা, তীৰৰ প্ৰকোপত পৰি দিনকদিনে সৰ্বশ্ৰান্ত হোৱাৰ ভয়ানক দিশটোৰ প্ৰতি লক্ষ্য ৰাখি কেবাবাৰো সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ কাষ চাপিছিলো যদিও গুৰুত্ব নিদিয়াত বাধ্য হৈ টুইট কৰিবলগা হ'ল বুলি জয়দ্বীপ ৰায়ে সদৰি কৰিছে ।

এগৰাকী বিশেষ আৰক্ষী সঞ্চালকপ্ৰধানে যদি গুৰুত্বসহকাৰে টুইটৰ উত্তৰ দিব পাৰে তেনেক্ষেত্ৰত সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই গুৰুত্ব দিব নোৱাৰাৰ কোনো কাৰণ নাই বুলি উল্লেখ কৰি কোকৰাঝাৰ বিজেপিৰ সম্পাদক জয়দ্বীপ ৰায়ে অনাগত সময়ছোৱাতো অবৈধ, অনৈতিক, সমাজৰ ক্ষতিকাৰক কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণতাৰে নজৰ দিয়া হ'ব বুলি উল্লেখ কৰিছে ।