মুখ্য-পৃষ্ঠা

শ্বহীদ আবুল আলিক ঘোৰ অপমান চি আই এচ এফৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ, শিৱসাগৰ : কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চি আই এচ এফ আৰু অ’ এন জি চিৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া এগৰাকী শ্বহীদক চূড়ান্ত ভাৱে অৱজ্ঞা কৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ চি আই এচ এফ আৰু অ’ এন জি চিৰ এই কাণ্ডক শ্বহীদ গৰাকীৰ একমাত্ৰ তনয়া য়াছমিন বেগম শোকত ভাগি পৰিছে ৷

আবুল আলি নামৰ শ্বহীদ গৰাকীৰ তনয়া য়াছমিন বেগমে শুক্ৰবাৰে জিলা প্ৰশাসনক এখন স্মাৰক পত্ৰ প্ৰদানেৰে চি আই এচ এফ আৰু অ’ এন জি চিৰ এনে কাৰ্য্যৰ বিৰুদ্ধে প্ৰতিবাদ জনায় ৷

১৯৯৮ চনৰ ২৬ নবেম্বৰৰ নিশা আলফাৰ আক্ৰমণত শ্বহীদ হৈছিল আবুল আলি ৷ শিৱসাগৰ চহৰৰ সমীপৰ চেৰেকাপাৰ খেলুৱা গাঁৱৰ আবুল আলিয়ে অ’ এন জি চিত ঠিকাভিত্তিক ভাৱে চলা এখন জীপ গাড়ীৰে লাকুৱা তৈল ক্ষেত্ৰৰ পৰা ৪ গৰাকী চি আই এচ এফৰ জোৱানক তেল খাদ নিৰাপত্তা দিয়াৰ বাবে নিশাৰ ভাগত ওলাই গৈছিল কামাণ্ডাৰ জীপ খনে মৰাণৰ ডবা চাহবাগিছা অতিক্ৰম কৰিবলৈ লওঁতেই আলফাই পথৰ মাজত সংস্থাপিত কৰি থোৱা  এটা শক্তিশালী লেণ্ড মাইণ্ড বিস্ফোৰণ হোৱাত চি আই এচ এফৰ জোৱান সহিতে আবুল আলিয়ে চলাই যোৱা জীপ গাড়ী খন পথৰ পৰা চিটিকি গৈ প্ৰায় ২০ মিটাৰ দূৰৈত পৰেগৈ ৷  বাগিছাৰ মাজত এম্বুচ কৰি থকা আলফাৰ দলটোৱে চিটিকি পৰা জীপ গাড়ীখনলৈ লক্ষ্য কৰি গুলিচালনা কৰে ৷ 

ফলত চালক আবুল আলি সহিতে চি আই এছ এফৰ সহ পৰিদৰ্শক এ এচ মধূ কুমাৰ, হেড কনিষ্টবল এচ বছিৰ, কনিষ্টবল সুৰজিত সিং আৰু ৰাজেশ সিং ঘটনাস্থলীতেই শ্বহীদ হয় ৷

সমগ্ৰ ৰাজ্য জোঁকাৰি নিয়া সেই ঘটনাৰ সন্দৰ্ভদ মৰাণহাট থানাই ১১৫ / ১৯৯৮ নম্বৰৰ এটা গোচৰ ৰুজু কৰি তদন্ত কৰিছিল যদিও আক্ৰমণকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম নহল ৷ সেই সময়ত আবুল আলিৰ একমাত্ৰ তনয়া য়াছমিন বেগমৰ বয়স আছিল এবছৰ তিনিমাহ মাত্ৰ ৷ তাৰ পিছৰে পৰা য়াছমিনক তেওৰ মাতৃয়ে যথেষ্ট কষ্ট কৰি লালন-পালন কৰিব লগাত পৰে ৷ ডেৰ বছৰ বয়সতেই পিতৃক হেৰুওৱা য়াছমিনে এতিয়া ২৫ টা বসন্ত অতিক্ৰম কৰিছে ৷

বৃহস্পতিবাৰে নিশা য়াছমিন ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ আহি থকা সময়তেই  পিতৃ সহিতে পাঁচ গৰাকী লোকে দেশৰ বাবে সৰ্বস্ব ত্যাগ কৰি শ্বহীদ হোৱা স্থানত এটা স্মৃৰ্তি সৌধ প্ৰত্যক্ষ কৰে ৷ 

আজিৰ পৰা ২৪ বছৰৰ পুৰ্বে পিতৃয়ে চি আই এচ এফৰ জোৱানৰ সৈতে প্ৰাণ আহুতি দিয়া স্থানত ন কৈ নিৰ্মাণ কৰা স্মৃৰ্তি সৌধটোত সেৱা নিবেদন কৰিবলৈ যাওতেই স্তম্ভিত হৈ পৰে য়াছমিন ৷ যিহেতু স্মৃৰ্তি সৌধত ৪ গৰাকী চি আই এচ এফৰ বিষয়া জোৱানৰ নাম স্পষ্টকৈ খোদিত কৰা আছিল যদিও তাত ঘূণাক্ষৰেও উল্লেখ নাছিল য়াছমিনৰ শ্বহীদ পিতৃ আবুল আলিৰ নাম ৷

চি আই এচ এফ আৰু অ’ এন জি চি কৰ্তৃপক্ষৰ এই কাণ্ডই হতচকিত কৰি তুলে য়াছমিনক ৷ পিতৃৰ চৰম ত্যাগক ঘোৰ অপমান আৰু উপেক্ষা কৰা কাৰ্য্যত মৰ্মাহত হৈ য়াছমিনে আজি শিৱসাগৰ জিলা প্ৰশাসনক চকুলো টুকি এই অবিচাৰৰ বিৰোধিতা কৰে ৷