৫ দিনিয়াকৈ অনুষ্ঠিত নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান
৫ দিনিয়াকৈ অনুষ্ঠিত নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান 
মুখ্য-পৃষ্ঠা

৫ দিনিয়াকৈ অনুষ্ঠিত নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ পাঠশালাঃ ৰাজ্যৰ অন্যতম অপেচাদাৰী নাট্যগোষ্ঠী নাটমণ্ডল পাঠশালাৰ গৌৰবোজ্বল ২৫ বছৰৰ উপলক্ষত পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাঠশালাত আজিৰে পৰা অনুষ্ঠিত হৈছে ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান ৷ আজি পুৱা নাটমণ্ডল পাঠশালাৰ সভাপতি তথা ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ সভাপতি শ্ৰীপদ চৌধুৰীয়ে নাটমণ্ডল পাঠশালাৰ পতাকা উত্তোলন কৰাৰ পিছত নাটমণ্ডল পাঠশালাৰ সম্পাদক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত নাট্যকাৰ, অভিনেতা, পৰিচালক নিতুল কুমাৰ মেধিয়ে নাটমণ্ডল পাঠশালাৰ প্ৰয়াত সতীৰ্থসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে।

বিয়লি নাটমণ্ডল পাঠশালাৰ শিল্পী বৃন্দই নাটমণ্ডল পাঠশালাৰ সংগীত পৰিবেশন কৰাৰ পিছত বিশিষ্ট চিত্র শিল্পী হাৰুন আলীয়ে বন্তি প্ৰজ্বলন কৰে। ইয়াৰ পিছতে পাঠশালা পৌৰ সভাৰ পৌৰপতি জলী চৌধুৰীয়ে নাটমণ্ডল পাঠশালাৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ মুকলি কৰে।

ইয়াৰ পিছত প্ৰবীন শিল্পী প্ৰমোদ ৰয়ে আধুনিক ভ্ৰাম্যমাণৰ খনিকৰ ৰতন লহকৰৰ সোঁৱৰণত অনুষ্ঠিত হোৱা নাটমণ্ডল পাঠশালাৰ দ্বাৰা প্ৰযোজনা কৰা নাট্যকাৰ নিতুল মেধিৰ ৰচনা আৰু পৰিচালনাৰে অতিথিশালা নাটকখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী দিনেন গোস্বামী, নাটমণ্ডল পাঠশালাৰ সভাপতি শ্ৰীপদ চৌধুৰী, আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়, অভিনেতা সঞ্জীব শৰ্মা, দিপাাংকৰ তালুকদাৰ, শৈলেন কাকতি, বিশিষ্ট সমাজকৰ্মী ৰাজেন ৰয়, প্ৰবোধ শৰ্মা, অনিল ডেকা,মৃদুল কলিতা, অৱসৰী প্ৰধান শিক্ষক চবিৰঞ্জন দাস, চক্ৰপানি কলিতা, ৰাজলক্ষ্মী থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱজ্যোতি তালুকদাৰ সমন্বিতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

ইয়াৰ পিছত নিশা 'বা' গুৱাহাটীৰ প্ৰযোজনাত পাকিজা বেগমৰ নাটক 'পদ্মাপ্ৰিয়া' উদ্বোধন কৰে আৱাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক কৃষ্ণ ৰয়ে। আজিৰে পৰা পাঁচ দিনিয়াকৈ ২৮ ডিচেম্বৰলৈ নাটমণ্ডল পাঠশালাৰ ব্ৰজনাথ শৰ্মা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'বলগা ৰূপালী জয়ন্তীৰ বিভিন্ন কাৰ্যসূচীৰ লগতে ২৫ আৰু ২৬ ডিচেম্বৰত অৰিন্দম ন্যাসৰ উদ্যোগত আৰু সঁফুৰা- নাটমণ্ডলৰ সহযোগত সদৌ অসম ভিত্তিত অৰিন্দম কৌশিক সোঁৱৰণী শিশু-চেমনীয়াৰ নাট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ।

নাটমণ্ডল পাঠশালাৰ মুখ্য উদ্যোক্তা নিতুল কুমাৰ মেধিয়ে জনোৱা অনুসৰি প্ৰতিযোগিতাৰ ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা পোহৰ নাট্যদল, পাটাছাৰকুছিয়ে মঞ্চস্থ কৰিব পথ, মঞ্চপ্ৰদীপ, বেটকুচি, গুৱাহাটীয়ে মঞ্চস্থ কৰিব বাটি খালে আটি যায় , ডি শৰ্মা কালচাৰেল একাডেমী, লখৰা- গুৱাহাটীয়ে মঞ্চস্থ কৰিব ভীম হৈ থাকিলে ডট্ ডট্ ডট্, গীদাল নাট্য গোষ্ঠী, চকিহালী বঙাইগাঁওয়ে মঞ্চস্থ কৰিব খেলোঁ কইনা দৰা, IFCRO তেজপুৰে মঞ্চস্থ কৰিব বনভোজৰ বৰষুণ, ৰংচৰা বৰপেটাই মঞ্চস্থ কৰিব হ'ম হ'মেই সফল, চৰ্চা, ছিপাঝাৰে মঞ্চস্থ কৰিব বিড়াল তপস্বী, দীনবন্ধু নাট্য গোষ্ঠী, নলবাৰীয়ে মঞ্চস্থ কৰিব চিকমিক আকাশৰ তৰা, পিনাক বৰপেটাই মঞ্চস্থ কৰিব ভতূকাৰে ভূ৷ ২৬ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা মঞ্চস্থ হব ফেৰেংগাদাও, লখৰা- গুৱাহাটীৰ তৰা, আকাশ গোষ্ঠী, মানিকপুৰ- বঙাইগাঁওৰ চিলনীৰ জীয়েকৰ সাধু, শিল্পচৰা, নগাওৰ সূৰ্যাস্তৰ গান, অৰিন্দম নাট্য বিদ্যালয়, তেজপুৰৰ লঠঙা গছৰ ছাঁ, সমন্বয় নাট্য বিদ্যালয়, নলবাৰীৰ তিনিআলি কেঁকুৰিৰ প্ৰেক্ষাপট৷ শিশু আৰু চেমনীয়া নাট প্ৰতিযোগিতাৰ উপৰিও অনুষ্ঠিত হব পূৰ্ণাংগ পৰ্যায়ৰ নাট৷ ২৫ ডিচেম্বৰৰ পুৱা ১১ বজাৰ পৰা অসমৰ মুঠ ১৪ টা দলৰ মাজত শিশু নাট প্ৰতিযোগিতা, ২৬ ডিচেম্বৰৰ বিয়লি ৩ বজাৰ পৰা শিশুনাট প্রতিযোগিতা, সন্ধিয়া ৬ বজাৰ পৰা মুকলি সভা, নাটমণ্ডল বঁটা প্রদান, অভিনন্দন গ্রন্থ উন্মোচন, নাট্যগল্প উন্মোচনৰ উপৰি মুনীন্দ্র নাথ শৰ্মা সোঁৱৰণী পূর্ণ দৈৰ্ঘৰ নাট পাণ্ডুলিপি প্রতিযোগিতাৰ বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হৱ। ২৭ ডিচেম্বৰৰ সন্ধিয়া ১ম দর্শনীৰ নাট বন্ধ বাকচৰ বিষাদ, দ্বিতীয় দর্শনীৰ নাট ইস্ ইস্ আস্ আস্৷ ২৮ ডিচেম্বৰৰ সন্ধিয়া প্ৰথম দর্শনীৰ পূর্ণ দৈৰ্ঘৰ শিশুনাট আঙুলি পোৰা অভিযান আৰু দ্বিতীয় দৰ্শনীত কোচবিহাৰৰ দেৱান গাজিৰ কিচ্ছা মঞ্চায়ন কৰা হব।