মুখ্য-পৃষ্ঠা

প্ৰশ্নকাকত ফাদিলৰ মূল নায়ক প্ৰণৱ দত্তৰ ভাড়াঘৰত তদন্ত

Asomiya Pratidin

ডিজিটেল সংবাদ, মাজুলী: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত ৰাজ্যত অব্যাহত আছে তদন্ত। ন-ন তথ্য পোহৰলৈ অহাৰ পাছত ৰাজ্যৰ কেইবাটাও স্থানৰ পৰা ইতিমধ্যেই কেইবাজনকো আটক কৰিছে। আৰু ইতিমধ্যেই মূল অভিযুক্ত প্ৰণৱ দত্তকো আত্মসমৰ্পণৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

তদন্তকাৰী সংস্থা চি আই ডিয়ে শনিবাৰে মাজুলীৰ লোহিত খাবলুত উপস্থিত হৈ প্ৰশ্নকাকত ফাদিলৰ মূল অভিযুক্ত প্ৰণৱ দত্তৰ ভাড়া ঘৰ আৰু লোহিত খাবলু উচ্চ মাধ্যমিক বিদ্যালয়ত অভিযান চলায়। বিয়লি প্ৰায় তিনি বজাত দুখন গাড়ীৰে লখিমপুৰৰ পৰা আহি লোহিত খাবলুত উপস্থিত হৈ পোনে পোনে প্ৰশ্নকাকত ফাদিলৰ কেলেংকাৰীৰ মাষ্টৰ মাইণ্ড প্ৰণৱ দত্তৰ কৰ্মস্থলী লোহিত খাবলু উচ্চ মাধ্যমিক বিদ্যালয় আৰু কাম্বং গাঁৱৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক অৱৰাম পেগুৰ ভাড়া ঘৰত প্ৰায় চাৰি ঘন্টা ধৰি অভিযান চলায় তদন্তকাৰী দলটোৱে।

চিআইডিৰ দলটোয়ে তন্ন তন্নকৈ বিভিন্ন বিষয়ৰ ওপৰত কৰা তদন্তৰ অন্তত সাংবাদিকৰে হোৱা কথা-বতৰাত তদন্তৰ খাতিৰত মুখ খুলিবলৈ বিচৰা নাই বুলি মত ব্যক্ত কৰে। অৱশ্যে সকলো বিষয় চালি-জাৰি চোৱাৰ কথা প্ৰকাশ কৰাৰ লগতে আৰু কেইবাজনো ব্যক্তি তদন্তৰ আওতালৈ আহিব পাৰে তদন্তকাৰী সংস্থাৰ বিষয়াই ইংগিত প্ৰদান কৰে।