৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ লৈ  বিকাশৰ পষেক কাৰ্যসূচী লৈ নামৰূপত মুখ্যমন্ত্ৰী
৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ লৈ  বিকাশৰ পষেক কাৰ্যসূচী লৈ নামৰূপত মুখ্যমন্ত্ৰী  
মুখ্য-পৃষ্ঠা

৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰ লৈ  বিকাশৰ পষেক কাৰ্যসূচী লৈ নামৰূপত মুখ্যমন্ত্ৰী...

Asomiya Pratidin

ডিজিটেল সংবাদ নামৰূপঃ ৫ ডিচেম্বৰৰ পৰা ২৫ ডিচেম্বৰলৈ অসম চৰকাৰৰ  বিকাশৰ পষেক কাৰ্যসূচীলৈ উজনি পৰা নামনিলৈ অসমৰ ১১ খন জিলা ভ্ৰমণ  কায্যসূচী ৰূপায়ণৰ উদ্দেশ্যে অন্তিম কায্যসূচী হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা   আজি সন্ধ্যা ৬ বজাত নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ অতিথি শালাত উপস্থিত হয় ।   

কাইলৈ ডিব্ৰুগড় জিলাত এক বিস্তৃত কায্যসূচীৰে এই বিকাশৰ পষেক কায্যসূচীৰ সামৰণি পৰিব। মুখ্যমন্ত্ৰী তাপ বিদ্যুৎ প্ৰকল্পত উপস্থিত হোৱাৰ পিছতে দলীয় কৰ্মী সকলে আদৰণি জনায়। 

এই কায্যসূচীত মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিক জনাই যে বিকাশৰ পষেক কায্যসূচীত  উজনিৰ পৰা নামনিলৈ ১১ খন জিলা ভ্ৰমণ কৰি ৰাইজৰ লগত পোনপটীয়াকৈ যোগাযোগ কৰাৰ লগতে বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰা হ'ল । 

চৰকাৰ এই কায্যসূচীৰ যোগেদি ৰাইজৰ বিভিন্ন সমস্য সমাধান কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে কোভিড সংক্ৰমণৰ সন্দৰ্ভত ৰাইজক আতংকিত নহ'বলৈ আহ্বান জনায়।  

তথাপি স্বাস্থ্য বিভাগৰ নিৰ্দেশনা অনুসৰণ কৰি ৰাইজে সাৱধানতা অৱলম্বন কৰি প্ৰয়োজন সাপেক্ষে মাস্ক ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। আজি  মুখ্যমন্ত্ৰীয়ে তাপ বিদ্যুৎ প্ৰকল্পৰ অতিথি শালাতে নৈশ যাপন কৰি কাইলৈ টিংখংৰ কুঁৱৰী গাঁও হাই স্কুল খেলপথাৰত এক ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।

আজিৰ কায্যসূচীত নাহৰকটিয়াৰ বিধায়ক তৰংগ গগৈ, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, অসম শক্তি উৎপাদন নিগম লিমিটেডৰ অধ্যক্ষ বিভু ভূঞা, এ পি এলৰ অধ্যক্ষ বিকুল ডেকা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ মহা প্ৰবন্ধক মহম্মদ জাকিৰ আৰু দলীয় কৰ্মকতা উপস্থিত থাকে।