মুখ্য-পৃষ্ঠা

লোকপিয়ল! ৩ আইএএছ বিষয়াক নিযুক্তি কেন্দ্ৰৰ...

Asomiya Pratidin

ডিজিটেল ডেস্ক: কেন্দ্ৰই তিনিবছৰৰ বাবে মহাৰাষ্ট্ৰ, অসম, পঞ্জাৱ আৰু চণ্ডিগড় ৰাজ্যত ডিচিঅ' (Director of Census Operations)আৰু ডিচিআৰ(Director of Citizen Registration) হিচাপে তিনিজন আইএএছ বিষয়াক নিযুক্তি দিছে।

ৰাষ্ট্ৰপতি দ্ৰৌপাদি মুৰ্মুৱে ৩১ ডিচেম্বৰ, ২০২৫ লৈকে বা পৰৱৰ্তী নিৰ্দেশ নোপোৱালৈকে এই তিনিজন বিষয়াক নিযুক্তি দিছে। নিযুক্তি পোৱা ৩ জন ক্ৰমে-নিৰুপমা ডাংগে, দেৱজ্যোতি দত্ত আৰু নৱজ্যোত খোচা। গৃহ মন্ত্ৰালয়ে সোমবাৰে জাৰি কৰা এক জাননীৰ জৰিয়তে এই কথা জনায়।

২০০৭ বৰ্ষৰ মহাৰাষ্ট্ৰ কেডাৰৰ আইএএছ বিষয়া ডাংগেক ২০ ডিচেম্বৰ, ২০২২ ৰ পৰা ৩১ ডিচেম্বৰ, ২০২৫ লৈকে এই পদত নিযুক্তি দিছে। জাননীত উল্লেখ কৰা অনুসৰি ডাংগেৰ মুখ্য কাৰ্যালয় মুম্বাই,মহাৰাষ্ট্ৰ।

আন এক জাননীত ২০১০ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া দত্তক লোকপিয়ল সঞ্চালন সঞ্চালক আৰু অসমত নাগৰিক পঞ্জীয়ন সঞ্চালক হিচাপে নিযুক্তি দিয়াৰ কথা উল্লেখ কৰা হৈছে।

২০১০ বৰ্ষৰ অসম মেঘালয় কেডাৰৰ বিষয়া দেৱজ্যোতি দত্তক অসমৰ বাবে নিযুক্তি দিয়ে। জাননী অনুসৰি তেওঁৰ নিযুক্তি কাল ২২ ডিচেম্বৰ ২০২২ ৰ পৰা ২০২৫ চনৰ ৩১ ডিচেম্বৰ। তেওঁৰ মুখ্য কাৰ্যালয় হ'ব গুৱাহাটীত।

আনহাতে ২০১২ বৰ্ষৰ কেৰালাৰ নৱজ্যোতি খোচাৰ মুখ্য কাৰ্যালয় হ'ব চণ্ডীগড়ত। তেওঁৰ পঞ্জাৱ আৰু চণ্ডীগড়ৰ ডিচিঅ আৰু ডিচিআৰ হিচাপে নিযুক্তি দিয়া হয়।

আৰু পঢ়ক: কোকৰাঝাৰত আজিৰে পৰা আৰম্ভ ৰাজ্যিক হস্ততাঁত আৰু বস্ত্ৰমেলা