মুখ্য-পৃষ্ঠা

ন্যায়ালয়েহে সিদ্ধান্ত ল’বঃ কা’ লৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশত বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ সাজু হৈছে কেন্দ্ৰীয় চৰকাৰ৷ কাৰ্যকৰী কৰাৰ পাছতে যাতে পূৰ্বৰ দৰে সমগ্ৰ দেশত গণ আন্দোলন আৰম্ভ কৰিব নোৱাৰে তাৰ প্ৰতি সজাগ হৈছে কেন্দ্ৰীয় চৰকাৰৰ লগতে বিভিন্ন বিজেপি শাসিত চৰকাৰ৷

বিজেপি শাসিত ৰাজ্যসমূহত বিশেষ সতৰ্কতা অৱলম্বন কৰি পূৰ্বেই গণ আন্দোলন ৰুধিবলৈ সষ্টম হৈছে আৰক্ষী৷ বিশেষকৈ অসমত বিশেষভাবে সতৰ্কতা অৱলম্বন কৰিছে ৰাজ্য চৰকাৰে৷ তাৰ মাজতে আজি ‘কা’ বলবৎ সম্পৰ্কত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া ব্যক্ত কৰি কা’ক লৈ ন্যায়ালয়ে সিদ্ধান্ত ল’ব বুলি মত প্ৰকাশ কৰে৷

মুখ্যমন্ত্ৰীয়ে কয় যে ‘কা’ ইতিমধ্যে আইন হৈ গৈছে৷ লোকসভা আৰু ৰাজ্যসভাত অনুমোদন হোৱা নাগৰিকত্ব সংশোধনী আইনখন কেতিয়া বলবৎ হয় সেইটো আমাৰ চিন্তাৰ বিষয় নহয়৷ সেয়া ন্যায়ালয়ে সিদ্ধান্ত ল’ব।