ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ
ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ 
মুখ্য-পৃষ্ঠা

ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন বুমৰাহৰ

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দীৰ্ঘ দিনৰ অন্তত জাতীয় দললৈ প্ৰত্যাৱৰ্তন যশপ্ৰীত বুমৰাহৰ। আগন্তুক ভাৰত-শ্ৰীলংকা এদিনীয়া শৃংখলাৰ বাবে বি চি চি আয়ে দললৈ আমন্ত্ৰণ জনাইছে বেগী বলাৰগৰাকীক।

আঘাতৰ বাবে বিগত কিছুদিন ধৰি দলৰ পৰা বাহিৰত থাকিবলগীয়া হৈছিল খেলুৱৈগৰাকী। যাৰ বাবে টি-২০ বিশ্বকাপত ভাৰতীয় দলৰ সদস্য হ'ব পৰা নাছিল তেওঁ। চিকিৎসকে জনোৱা অনুসৰি সম্প্ৰতি খেলুৱৈগৰাকী সুস্থ।

সেয়ে উক্ত শৃংখলাৰ বাবে বি চি চি আয়ে দললৈ আমন্ত্ৰণ জনায় বেগী বলাৰগৰাকীক। উল্লেখ্য যে, ছেপ্টেম্বৰত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ পৰাও দলৰ বাহিৰত আছিল খেলুৱৈগৰাকী।