৩১ জনুৱাৰীৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন...
৩১ জনুৱাৰীৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন...  
মুখ্য-পৃষ্ঠা

৩১ জনুৱাৰীৰ পৰা নতুন সংসদ ভৱনত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱনত ৩১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব সংসদৰ বাজেট অধিৱেশন! অৱশ্যে এই বিষয়ে এতিয়াও কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।

তথ্য অনুসৰি ৩১ জনুৱাৰীৰ পৰা অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশন ৬ এপ্ৰিল পৰ্যন্ত চলিব। মাজত কিছু দিনৰ বাবে স্থগিত থাকিব এই অধিৱেশন।

সংসদৰ কেন্দ্ৰীয় হলত লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকত প্ৰথম বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে ভাষণ প্ৰদান কৰি দ্ৰৌপদী মুৰ্মুৱে। সূত্ৰত প্ৰকাশিত খবৰ মতে বাজেট অধিৱেশনৰ প্ৰথমটো দিনত অৰ্থনৈতিক সমীক্ষা উত্থাপন কৰা হ'ব।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ১ ফেব্ৰুৱাৰীত সংসদত কেন্দ্ৰীয় বাজেট উত্থাপন কৰিব। আনহাতে বাজেট অধিৱেশনৰ প্ৰথম অংশ ৩১ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ চলিব। আনহাতে দ্বিতীয় অংশ অনুষ্ঠিত হ'ব ৬ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ।

একেসময়তে খবৰ প্ৰকাশ পাইছে, সংসদৰ বাজেট অধিৱেশনৰ প্ৰথম অংশ বৰ্তমানৰ পুৰণি সাংসদ ভৱনত অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় অংশ নৱ নিৰ্মিত সাংসদ ভৱনত অনুষ্ঠিত হ'ব।

ক্লিক কৰি পঢ়কঃ ৩১ ডিচেম্বৰত বনকৰা কিশোৰীৰ ৰহস্যজনক মৃত্যুঃ আৰক্ষীয়ে আটক কৰিলে শিক্ষয়িত্ৰীক...