ভূটানৰ TSHECHU উৎসৱত ভাগ ল'লে বি টি আৰৰ বিজিত গৌৰা নাৰ্জাৰীয়ে
ভূটানৰ TSHECHU উৎসৱত ভাগ ল'লে বি টি আৰৰ বিজিত গৌৰা নাৰ্জাৰীয়ে  
মুখ্য-পৃষ্ঠা

ভূটানৰ TSHECHU উৎসৱত ভাগ ল'লে বি টি আৰৰ বিজিত গৌৰা নাৰ্জাৰীয়ে

Asomiya Pratidin

ডিজিটেল সংবাদ বাক্সাঃ ভাৰতৰ সীমা বন্ধু ভূটানৰ ছানদ্ৰুপ জংকাৰ জিলাত তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা আৰম্ভ হৈছে ভূটানৰ বিখ্যাত আৰু বৃহত্তৰ উৎসৱ TSHECHU উৎসৱ । ভূটানৰ ছানদ্ৰুপ জংকাৰত চলি থকা এই TSHECHU উৎসৱত ভাৰতৰ পৰা অংশগ্ৰহণ কৰিছে বি টি আৰৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীয়ে ।

প্ৰতি বছৰে উদযাপন কৰি অহাৰ দৰে এই বছৰটো ধাম-ধুমৰে অতি সন্দুৰকৈ উদযাপন কৰিছে TSHECHU উৎসৱ। উল্লেখ্য যে TSHECHU উৎসৱ ভূটানৰ বৃহৎ ধৰ্মীয় উৎসৱ।

এই উৎসৱ ঘাইকৈ বৌদ্ধ ধৰ্মাৱলম্বীসকলে সামাজিক সাজ-পোচাক পৰিধান কৰি "মাস্ক ডান্স" নৃত্যত অংশগ্ৰহণ কৰে। জানিব পৰা মতে গুৰু ৰিনপছি বা পাদ্মা ছামপাভাই এই 'মাস্ক ডান্স'ক সংস্কৃতি উন্নয়ন আৰু পৰিয়ালত একটা অনাৰ লক্ষ্যৰে প্ৰথমে আৰম্ভ কৰিছিল।

কালক্ৰমক ইয়াক TSHECHU উৎসৱ বুলি উদযাপন কৰা হয়। এই উৎসৱত বি টি আৰৰ এম চি এল এ বিজিত গৌৰা নাৰ্জাৰীৰ সৈতে কৃষ্ণ মোছাহাৰী আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ বহু কেইজন নেতাই অংশগ্ৰহণ কৰে।