বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ক হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰদান...
বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ক হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰদান... 
মুখ্য-পৃষ্ঠা

বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ক হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰদান...

Asomiya Pratidin

ডিজিটেল সংবাদ বিহপুৰীয়া: ৰাজ্যৰ দৃষ্টিহীনসকলৰ শিক্ষালৈ এক যুগান্তকাৰী অৱদান 'হেমকোষৰ ব্ৰেইল সংস্কৰণ'। দৃষ্টিহীনৰ শিক্ষা আৰু পাঠ্যক্ৰম প্ৰস্তুত কৰিবৰ বাবে সুবিধা হোৱাকৈ 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰ তথা 'অসমীয়া প্ৰতিদিন'ৰ সম্পাদক জয়ন্ত বৰুৱাৰ একান্ত প্ৰচেষ্টা আৰু হেমচন্দ্ৰ বৰুৱা ন্যাসৰ সহযোগত প্ৰস্তুত কৰি উলিওৱা হেমকোষৰ ব্ৰেইল সংস্কৰণ আজি বিহপুৰীয়াস্থিত অসম অন্ধ শিশু বিদ্যালয়ত বিনামুলীয়াকৈ বিতৰণ কৰা হয়।

আজি সন্ধিয়া 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ হৈ যতিন চৌধুৰীয়ে হেমকোষৰ ব্ৰেইল সংস্কৰণটি বিহপুৰীয়াৰ অসম অন্ধ শিশু বিদ্যালয়ৰ শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ হাতত আনুষ্ঠানিকভাৱে তুলি দিয়ে ৷ এই উদ্দেশ্যে 'অসমীয়া প্ৰতিদিন'ৰ বিহপুৰীয়াৰ সাংবাদিক তথা বিহপুৰীয়া প্ৰেছ ক্লাবৰ সভাপতি বুলটন গগৈয়ে আতঁ ধৰা এখন সভাত বিদ্যালয়ৰ প্ৰধান শিক্ষক দিগন্ত হাজৰিকা প্ৰাথমিক শাখাৰ প্ৰধান শিক্ষয়িত্ৰী প্ৰিতীৰেখা গোস্বামী,শিক্ষক হৰেণ কাকতি,মুকুট দত্ত আদিৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে বৰুৱাৰ এই মহান প্ৰচেষ্টাই দৃষ্টিহীনসকলক দৃষ্টি দান কৰিলে বুলিও মত ব্যক্ত কৰে ৷

দৃষ্টিহীন শিক্ষাৰ্থীসকলে গীত মাত পৰিৱেশন কৰি এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰা সভাখনত উপস্থিত থাকি 'সাদিন প্ৰতিদিন গোষ্ঠী'ৰ যতীন চৌধুৰীয়ে জয়ন্ত বৰুৱাৰ প্ৰচেষ্টাত প্ৰকাশিত হেমকোষৰ ব্ৰেইল সংস্কৰণটিয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক উপকৃত কৰিব বুলি মন্তব্য কৰে ৷

উক্ত অনুষ্ঠানত 'প্ৰতিদিন টাইম'ৰ বিহপুৰীয়াৰ সাংবাদিক তথা বিহপুৰীয়া প্ৰেছ ক্লাবৰ সম্পাদক জগত বৰাৰ লগতে বিহপুৰীয়া প্ৰেছ ক্লাবৰ উপ-সভাপতি নৱজ্যোতি শৰ্মা,সাংবাদিক সঞ্জীৱ দত্তয়ো অংশগ্ৰহণ কৰে ৷