বাৰ্ষিক যুৱ মহোৎসৱ
বাৰ্ষিক যুৱ মহোৎসৱ 
মুখ্য-পৃষ্ঠা

ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ বাৰ্ষিক যুৱ মহোৎসৱ...

Asomiya Pratidin

ডিজিটেল সংবাদ, গৰৈমাৰীঃ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰীৰ ৰাজ ফাউণ্ডেচনৰ দ্বাৰা পৰিচালিত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ ৭ম বাৰ্ষিক যুৱ মহোৎসৱ। আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা যুৱ মহোৎসৱৰ শনিবাৰে নিশা গৰৈমাৰী টাউন ক্লাব খেলপথাৰত সফল সামৰণি পৰে ৷

যুৱ মহোৎসৱৰ কাৰ্যসূচী অনুসৰি ১৫ নৱেম্বৰৰ পুৱা পতাকা উত্তোলন কৰে গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ পৰিচালন সঞ্চালক আতোৱাৰ ৰহমানে ৷ গছপুলি ৰোপন কৰে ছায়েদুৰ ৰহমান দেৱানে ৷ গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাবে উদ্বোধন কৰা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাই ৰাইজক মুহিবলৈ সক্ষম হয় ৷

আনহাতে ১৬ নৱেম্বৰলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ ১৭ নৱেম্বৰত ভেশচন প্ৰতিযোগিতা ৷ 'ৰাজনীতিত ছাত্ৰ-ছাত্ৰীসকলে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব নালাগে' শীৰ্ষক তৰ্ক প্ৰতিযোগিতাৰ পিচতে সন্ধিয়াৰ পৰা জিকিৰ-জাৰী, বিহু নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ ১৮ নৱেম্বৰত অসমীয়া আধুনিক গীত, হিন্দী গীত, বিহুগীত, পল্লী গীত, লোকগীত, জ্যোতি-ৰাভা সংগীত, আধুনিক নৃত্য আদি আন্তঃবিদ্যালয় প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰে। সন্ধিয়া 'মিছ বি ভি এ'-২০২২ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ১৯ নৱেম্বৰৰ পুৱা মাৰাথন প্ৰতিযোগিতা, কইনা প্ৰতিযোগিতা অনুষ্ঠিত হয়৷

সমিতিয়ে জনোৱা অনুসৰি শনিবাৰে নিশা গৰৈমাৰীৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ সভাপতি নুৰুল ইছলামৰ সঞ্চালনাত বঁটা বিতৰণী আৰু মুকলি সভা অনুষ্ঠিত হয় ৷

বঁটা বিতৰণী আৰু মুকলি সভা

সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ খাদী আৰু গ্ৰামোদ্যোগ ব'ৰ্ডৰ অধ্যক্ষ ডা০ কমলা কান্ত কলিতাই। তেওঁ কয় যে, ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে ছাত্ৰ-ছাত্ৰীসকলক যি শিক্ষা দিয়ে সেয়া পূৰ্ণাংগ শিক্ষা হ'ব লাগে বুলি অনুভৱ ব্যক্ত কৰে। ডা০ কলিতাই চাৰ্টিফিকেট (প্ৰমাণপত্ৰ)ৰ নম্বৰ থকা নতুবা অৰ্হতাকে একমাত্ৰ শিক্ষা বুলি কেতিয়াও গণ্য নকৰে ৷

তেওঁ লগতে কয়,চাৰ্কিফিকেট (প্ৰমাণপত্ৰ)ত একেবাৰে কম নম্বৰ থকা ছাত্ৰ এজনো আটাইতকৈ ভাল শিক্ষিক হ'ব পাৰে ৷ আটাইতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ এজনো অশিক্ষিত হ'ব পাৰে, প্ৰকৃত শিক্ষাৰ পৰা আতঁৰত থাকিব পাৰে ৷ ছাত্ৰ-ছাত্ৰীসকলক পূৰ্ণাংগ শিক্ষা দিবলৈ ডা০ কমলা কলিতাই শিক্ষকসকলক আহ্বান জনায় ৷

সভা বিশিষ্ট অতিথি হিচাপে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, জ্যেষ্ঠ অগপ নেতা আব্দুৰ ৰহমান, সমাজকৰ্মী ডা০ ফজলুল হক চৌধুৰীৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ সভাত বিশিষ্ট শিল্পী তৰুণ চন্দ্ৰ কলিতাক ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মান-২০২২ৰে সন্মানিত কৰে ৷ কাৰ্যসূচী সূচাৰুৰূপে পৰিচালনা কৰে একাডেমীৰ ভাৰপ্ৰাপ্ত শিক্ষা বিষয়া আবুল কালাম আজাদে ৷ একাডেমীৰ শিক্ষাৰ্থীসকলে নৃত্য, গীত-মাত আদি পৰিবেশন কৰে ৷ আনহাতে নিশা জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীয়ে গীত পৰিবেশন কৰে ৷

আৰু পঢ়কঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক জোনাই বাৰ্ষিক অধিৱেশনৰ লাইখুঁটা স্থাপন...