মিৰ্জাৰ ডায়েটত 'আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব' গ্ৰন্থ উন্মোচন
মিৰ্জাৰ ডায়েটত 'আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব' গ্ৰন্থ উন্মোচন 
মুখ্য-পৃষ্ঠা

মিৰ্জাৰ ডায়েটত 'আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব' গ্ৰন্থ উন্মোচন

Asomiya Pratidin

ডিজিটেল সংবাদ গৰৈমাৰীঃ কামৰূপ জিলাৰ অন্তৰ্গত মিৰ্জাৰ ডায়েটত 'আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব' গ্ৰন্থখন সোমবাৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ এই উপলক্ষে মিৰ্জাৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান (ডায়েট)ৰ প্ৰেক্ষাগৃহত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷

মিৰ্জাৰ ডায়েটৰ অধ্যক্ষা ড০ পংকজা বৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত গ্ৰন্থ উন্মাোচনী সভাৰ উদ্দেশ্য ব্যাখ্যাৰ লগতে আদৰণি ভাষণ প্ৰদান কৰে ভূপেন কুমাৰ দাসে৷ আৰম্ভণি গীত পৰিবেশন কৰে ডায়েটৰ পৰীক্ষাৰ্থীসকলে৷

ডায়েটৰ জ্যেষ্ঠ প্ৰৱক্তা ভূপেন কুমাৰ দাসে লিখা 'আমাৰ বিদ্যালয় আৰু আমাৰ দায়িত্ব' গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে 'প্ৰাগ নিউজ'ৰ জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই৷ গ্ৰন্থ উন্মোচন কৰি জ্যেষ্ঠ সাংবাদিক দীপক শৰ্মাই গ্ৰন্থখনে শিক্ষকসকলৰ বাবে যথেষ্ট কামত আহিব বুলি কয়৷

চৰকাৰী খণ্ডৰ শিক্ষা লাহে লাহে শেষ হৈ যোৱা বুলি উল্লেখ কৰি জ্যেষ্ঠ সাংবাদিক শৰ্মাই ছাত্ৰ-ছাত্ৰীক শিক্ষকসকলহে সপোন দেখুৱাব পাৰে বুলি কয়৷ কিতাপৰ প্ৰাসংগিকতা আজিও থকা বুলি উল্লেখ কৰি দীপক শৰ্মাই কয়—নিভাজ অসমীয়া গ্ৰন্থৰ প্ৰয়োজন আজিও থকা বুলি উল্লেখ কৰি উন্মোচনী গ্ৰন্থখনৰ উত্তৰণ কামনা কৰে৷

উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অসম মাধ্যমিক শিক্ষা পৰিষদৰ প্ৰাক্তন সচিব ড০ উচ্চাৰণ ডেকা, সন্মানীয় অতিথি হিচাপে দৰঙৰ ডায়েটৰ অৱসৰী অধ্যক্ষ মমতাজ আলী আহমেদ, সদৌ ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল গোস্বামী, সদৌ অসম মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ উপদেষ্টা যতীন ডেকা, সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ সহকাৰী সম্পাদক দ্বীপেন শৰ্মা প্ৰমূখ্যে কেবাইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰে৷