নতুন ৰূপত কীৰ্তি জল্লী ! বকোত আৰছুৰ অধিবেশনৰ লাইখুঁটা স্থাপন...
নতুন ৰূপত কীৰ্তি জল্লী ! বকোত আৰছুৰ অধিবেশনৰ লাইখুঁটা স্থাপন... 
মুখ্য-পৃষ্ঠা

নতুন ৰূপত কীৰ্তি জল্লী ! বকোত আৰছুৰ অধিবেশনৰ লাইখুঁটা স্থাপন...

Asomiya Pratidin

ডিজিটেল সংবাদ ছমৰীয়াঃ কামৰূপ জিলাৰ বকোত আজি আৰছুৰ অধিবেশনৰ লাইখুঁটা স্থাপন কৰা হয়। জনজাতীয় পোছাক পৰিধান কৰি উপায়ুক্ত কীৰ্তি জল্লীয়ে স্থাপন কৰে এই লাইখুঁটা।

নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ লগতে সহযোগী সংগঠনৰ অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ'ব লগা অধিবেশনৰ শুকুৰবাৰে লাইখুঁটা স্থাপন কৰা হয়।লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে কামৰূপ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী

ৰাভা জনগোষ্ঠীয় পোছাক পৰিধান কৰি উপায়ুক্ত কৃৰ্তি জল্লীয়ে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে। উল্লেখ্যে যে, ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহৰ ৩, ৪ আৰু ৫ তাৰিখে বকোৰ জননেতা সব্যসাচী ৰাভা ছৗমৗৰছিনিদামত অনুষ্ঠিত হ'ব কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ পঞ্চদশ দ্বি-বাৰ্ষিক অধিবেশন।

ইয়াৰ লগতে কামৰূপ জিলা ৰাভা মহিলা পৰিষদৰ একাদশ দ্বি-বাৰ্ষিক আৰু বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, বকো আঞ্চলিক ৰাভা মহিলা পৰিষদ,বকো আঞ্চলিক ষষ্ঠ অনুসূচী দাবী সমিতিৰ অধিবেশন অনুষ্ঠিত কৰা হ'ব।

এই লাইখুঁটা স্থাপন কাৰ্যসূচীত আৰছুৰ সভাপতি অজিত ৰাভা, সাধাৰণ সম্পাদক প্ৰদীপ ৰাভা, শিক্ষাবিদ ড০ গণেশ্বৰ চহৰীয়া, কামৰূপ জিলা পৰিষদৰ উপ-সভাপতি কাম্বুৰাম ৰাভা, ৰাভা হাছঙৰ উপাধ্যক্ষ ৰমাকান্ত ৰাভাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।