এজোপা দুজোপা নহয় ৫বিঘা মাটিত লোমা লোমে লাগিছে বগৰি
এজোপা দুজোপা নহয় ৫বিঘা মাটিত লোমা লোমে লাগিছে বগৰি 
মুখ্য-পৃষ্ঠা

এজোপা দুজোপা নহয় ৫বিঘা মাটিত লোমা লোমে লাগিছে বগৰি

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : এজোপা দুজোপা নহয় ৫বিঘা মাটিত লোমা লোমে লাগিছে বগৰি। নুমলীগড়ৰ বৰগৰীয়া নেপালীখুটীত ৫বিঘা মাটি সামৰি আৱৰি আছে বগৰি ।

অঞ্চলটৌৰ কোষেশ্বৰ কুৰ্মী নামৰ কৃষকজনে কৰিছে এই ব্যতিক্ৰমী খেতি । কেইবা শ বগৰিৰ গছ আছে বাগিচাখনত । লোমালোমে লাগিছে বগৰি । গছৰ পাততকৈ বগৰি বেছি ।‌ বগৰিৰ ভীৰ ৰাখিব নোৱাৰি হাউলি গৈছে গছ । গছসমূহ পোন কৰি ৰাখিবলৈ বাঁহৰ খুটা বান্ধিব লগা হৈছে ।

গৰু আৰু ছাগলীৰ গোবৰ দিয়াৰ লগতে পচন সাৰ ব্যৱহাৰ কৰাৰ ফলত এনেধৰণে বগৰি লাগিছে বুলি উল্লেখ কৰে কৃষকগৰাকীয়ে । কাশ্মীৰী আপেল বগৰি বুলি জানিবলৈ দিয়া কৃষকগৰাকীয়ে কয় এই বগৰি খেতিৰ পৰা তেওঁ বহু লাভ হোৱাৰ আশা কৰিছে ।

ইতিমধ্যে বগৰি সমূহ পূৰঠ হৈছে । বহু কুইন্টল বগৰি তেওঁ পোৱাৰ আশা কৰিছে । ইফালে বৃহৎ অঞ্চলটোত এনে খেতি দেখি আচৰিত ৰাইজ । এতিয়া তেওঁ এই খেতিৰ বাবেই অঞ্চলটোৰ এজন শ্ৰেষ্ঠ কৃষক হিচাপে পৰিগণিত হৈছে ।