মৃতদেহটোৰ লগত এখন দোকানৰ ভিজিটিং কাৰ্ড উদ্ধাৰ
মৃতদেহটোৰ লগত এখন দোকানৰ ভিজিটিং কাৰ্ড উদ্ধাৰ 
মুখ্য-পৃষ্ঠা

মায়ঙৰ হিলৈখুন্দাত অচিনাক্ত যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ,মায়ংঃ মায়ঙৰ হিলৈখুন্দাত অচিনাক্ত যুৱকৰ অৰ্ধ গলিত মৃতদেহ উদ্ধাৰ। হিলৈখুন্দাত মঙলবাৰে উদ্ধাৰ হোৱা অচিনাক্ত লোকৰ মৃতদেহটো আজিও চিনাক্ত হোৱা নাই। মৰিগাঁও জিলা প্ৰশাসনে আয়োজন কৰা লাচিত দিৱস উদযাপন কৰা ঠাইত মৃতদেহটো উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে। ডিঙি কটা অৱস্থাতউদ্ধাৰ কৰে মৃতদেহটো।

জানিব পৰা মতে পলিথিনেৰে মেৰিয়াই থোৱা অৰ্ধ গলিত মৃতদেহটো কেনেকৈ আহি পালে হিলৈখুন্দা সেই লৈ প্ৰশ্ন উদ্ৰেক হৈছে একাংশ সচেতন ৰাইজৰ মাজত। কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি গাড়ীৰে আনি মৃতদেহটো হিলৈখুন্দাত পুতি থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

জানিবলৈ দিয়া অনুসৰি পাহাৰৰ কাষত ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত উদ্ধাৰ হয় মৃতদেহটো।জিলা প্ৰশাসনৰ তৰফৰ পৰা লাচিত দিৱসৰ মঞ্চ আৰু পথ নিৰ্মাণৰ কাম চলি থাকোতে হঠাৎ মাটিত পুতি থোৱা মৃতদেহটো চকুত পৰে দুজন লোকৰ। তাৰ পিছতেই হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলটোত। খবৰ পোৱাৰ পিছত আৰক্ষীৰ দল গৈ উপস্থিত হয় হিলৈখুন্দাত। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ।ইতিমধ্যে আৰক্ষীৰ তদন্ত আৰম্ভ হোৱা বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, মৃতদেহটোৰ লগত এখন দোকানৰ ভিজিটিং কাৰ্ড লাভ কৰিছে। সেয়ে মায়ঙৰ বজাৰত থকা এখন হাৰ্ডৱেৰ দোকানৰ কাৰ্ড বুলি অনুমান কৰিছে একাংশই।স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে যে, এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি।

আনহাতে মায়ঙৰ হিলৈখুন্দা, চনকা বনভোজ স্থলী হিচাপে পৰিচিত। কিন্তু দুৰ্ভাগ্যজনক ঘটনা এই যে, বৰ্তমান দুৰ্বৃত্তই বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত কৰিবলৈ শেহতীয়াকৈ বাচি লৈছে এই বনভোজ স্থলীকে। উল্লেখ্য যে, বনভোজ স্থলীক আগুৰি আছে দুৰ্গম পাহাৰ তথা ব্ৰহ্মপুত্ৰই, তেনেস্থলত যিকোনো ধৰণৰ অপৰাধজনিত কাৰ্যকলাপ অতি সহজেই আৰক্ষীৰ দৃষ্টিৰ পৰা সাৰি যায় এই বনভোজ স্থলী।

আৰু পঢ়কঃ বিজয় হাজাৰে ট্ৰফীঃ নিতীশ ৰানা নেতৃত্বাধীন দিল্লীৰ বিৰুদ্ধে অসম...