অভিনেতা টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ পৰলোকপ্ৰাপ্তি
অভিনেতা টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ পৰলোকপ্ৰাপ্তি  
মুখ্য-পৃষ্ঠা

বড়ো ভাষাৰ প্ৰথম বোলছবি " আলায়াৰণ"ৰ মুখ্য অভিনেতা টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ পৰলোকপ্ৰাপ্তি

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ বড়ো ভাষাৰ প্ৰথম বোলছবি " আলায়াৰণ"ৰ মুখ্য অভিনেতা , সাংস্কৃতিক কৰ্মী , শিল্পী পেঞ্চনাৰ টিকেন্দ্ৰজিৎ নাৰ্জাৰী আৰু নাই । বাৰ্ধক্যজনিত কাৰণত বৃহস্পতিবাৰে নিশা টিকেন্দ্ৰজিৎ নাৰ্জাৰীয়ে তিতাগুৰী কাঠলগুৰীৰ নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে ।

মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স হৈছিল ৮১ বছৰ । মৃত্যুৰ পূৰ্বে সহধৰ্মিনী , একমাত্ৰ পুত্ৰ -কন্যা আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ যায় ।

উল্লেখ্য যে ১৯৮৬ চনৰ ৮ মাৰ্চত কোকৰাঝাৰৰ গঙ্গা চিনেমা হলত মুক্তিপ্ৰাপ্ত বড়ো ভাষাৰ প্ৰথম বোলছবি আলায়াৰণত টিকেন্দ্ৰজিৎ নাৰ্জাৰী ওৰফে জালাখোই মুখ্য অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছিল । উক্ত চিনেমাখনে আলোড়নৰ সৃষ্টি কৰিছিল আৰু তেতিয়াৰে পৰা বড়ো ভাষাৰ চলচ্চিত্ৰই গতি লৈছিল ।

চিনেমাখনে ৰজত কমল বঁটা কঢ়িয়াবলৈ সক্ষম হৈছিল । ইয়াৰ পূৰ্বে ১৯৮৩ চনত " ডায়না" নামৰ এখন ডকুমেণ্টৰীত অভিনয় কৰিছিল । আনহাতে জৌদৌও বডোচা পৰিচালিত " Rape in the vergin forest " নামৰ চিনেমাখনত টিকেন্দ্ৰজিৎ নাৰ্জাৰীয়ে সুন্দৰ অভিনয় কৰিছিল আৰু উক্ত চিনেমাখনে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ।

জিউনি চিমাং নামৰ আন এখন চিনেমাত অভিনয় কৰিও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল অভিনেতা নাৰ্জাৰী । গণশিল্পী ড° ভূপেন হাজৰিকা , বিষ্ণুপ্ৰসাদ ৰাভা , সমৰ হাজৰিকাক অতি কাষৰ পৰা লগ পোৱা বড়ো চিনেমাৰ মহীৰূহ টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই অজস্ৰ গুণমুগ্ধই মৃতকৰ বাসভৱনত উপস্থিত হৈ অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

এবছুৰ উপ-সভাপতি খোৰৌমদাও ওৱাৰী , জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী , প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰী , বড়ো সাহিত্য সভাৰ প্ৰতিনিধি, বিপিএফ দলৰ প্ৰতিনিধি, ইউপিপিএল দলৰ প্ৰতিনিধি , দুলাৰায় বড়ো হাৰিমু আফাটৰ প্ৰতিনিধি , নাথ -যোগী ছাত্ৰ সন্থাৰ প্ৰতিনিধি আদিকে ধৰি বিভিন্ন দল -সংগঠন , ব্যক্তিয়ে মৃতকৰ ঘৰত উপস্থিত হৈ মৃতকৰ প্ৰতি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ।

প্ৰণিধানযোগ্য যে টিকেন্দ্ৰজিৎ নাৰ্জাৰীয়ে ভাষা আন্দোলন , উদয়াচল আন্দোলন , পিটিচিএৰ সতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । ৫৭৭ নং কাঠলগুৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহণ কৰা টিকেন্দ্ৰজিৎ নাৰ্জাৰীয়ে অৱসৰৰ পিছত বিভিন্ন সামাজিক কামৰ সতে জড়িত হৈ পৰিছিল । টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ মৃত্যু বড়ো সমাজ আৰু সাংস্কৃতিক জগতৰ বাবে অপুৰণীয় ক্ষতি বুলি মন্তব্য কৰিছে জনজাতি সুৰক্ষা মঞ্চৰ সভাপতি দাওৰাও দেখ্ৰেব নাৰ্জাৰী আৰু প্ৰাক্তন সাংসদ চানছুমা খুংগুৰ বৈছুমুথিয়াৰীৱে।

ইপিনে বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিচিৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োই টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে । তদুপৰি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম সাংস্কৃতিক কেন্দ্ৰত টিকেন্দ্ৰজিৎ নাৰ্জাৰীৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰা হ'ব বুলি সদৰি কৰিছে বিটিচিৰ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োই ।