মুখ্য-পৃষ্ঠা

হেপ্পী বাৰ্থদে Google

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজি ২৫টা বছৰ সম্পূৰ্ণ কৰি ৰূপালীম বৰ্ষত ভৰি দিলে গুগলে। ১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত প্ৰযুক্তিৰ জগতত ভৰি দি ২৭ ছেপ্টেম্বৰ দিনটোৰ পৰাই কাৰ্যক্ষম হৈছিল গুগল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ লেৰী পেজ, চাৰগে ব্ৰীনে প্ৰতিষ্ঠা কৰা গুগল নামৰ প্ৰযুক্তিগত কোম্পানীটোৱে বৰ্তমান সময়ত বিশ্বৰ প্ৰতিটো চুকে-কোণে এক সুকীয়া পৰিচয় লাভ কৰিছে।

সমগ্ৰ বিশ্বৰ সকলো দিশ সামৰি লোৱা গুগলে বৰ্তমান পৰ্যায়ত "গ্ল'বেল অৰগেনাইজেচন অৱ অৰিয়েণ্টেত গ্ৰোপ লেংগুৱেজ অৱ আৰ্থ"ৰ সম্পূৰ্ণ যথাৰ্থতা প্ৰকাশ কৰি আহিছে। যি কোনো এটা বিষয়ৰ ওপৰত সাম্যক জ্ঞান তুলি ধৰাৰ পৰা তথ্য সমৃদ্ধ কৰালৈকে গুগলৰ অৱদান প্ৰযুক্তিৰ সমাজত যে যথেষ্ঠ সেয়া নুই কৰিব নোৱাৰি। প্ৰযুক্তি জগতৰ আন আন প্লটফৰ্মসমূহতকৈ গুগুলে তৎক্ষণাত বিষয় বস্তুৰ আভাস দাঙি ধৰিব পাৰে বাবেই ইয়াৰ জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে।