মুখ্য-পৃষ্ঠা

দলবদ্ধ ধৰ্ষণ, পৰিয়ালৰ ৯ জনক হত্যা! দোষীৰ মুক্তিৰ বিৰোধিতা কৰি উচ্চতম ন্যায়ালয়ত বিলকিছ বানো

Asomiya Pratidin

ডিজিটেল ডেস্ক: এক ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছিল সমগ্ৰ দেশ। পুনৰ চৰ্চালৈ আহিছে এই ধৰ্ষণ কাণ্ড। ২০০২ চনৰ গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল বিলকিছ বানো। লগতে বিলকিছৰ পৰিয়ালৰ লোককো হত্যা কৰা হৈছিল।

এই সমগ্ৰ ঘটনাত দোষী সাব্যস্ত হোৱা ১১ জন লোকক আদালতে মুক্তি দিয়াৰ প্ৰত্যাহ্বান জনাই বিলকিছ বানোৱে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছে। বিলকিছ বানোৱে দোষীৰ মুক্তিৰ বিৰুদ্ধে দুখন আবেদন দাখিল কৰিছে।

প্ৰথম আৱেদনখনে ১১ জন দোষীৰ মুক্তিৰ বিৰোধিতা কৰি তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণৰ বাবে আহ্বান জনাইছে।

দ্বিতীয়খনত উচ্চতম ন্যায়ালয়ৰ মে' মাহৰ আদেশৰ ওপৰত পুনৰীক্ষণ আৱেদন জনাইছে। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে গুজৰাট চৰকাৰে দোষীৰ মুক্তিৰ বিষয়ে সিদ্ধান্ত ল'ব। বিলকিছে ইয়াৰ বাবে উপযুক্ত চৰকাৰ মহাৰাষ্ট্ৰ বুলি কৈছে। কাৰণ মহাৰাষ্ট্ৰত গোচৰটোৰ বিচাৰ চলিছিল।

উল্লেখ্য যে, ২০০২ চনৰ সাম্প্ৰদায়িত সংঘৰ্ষৰ সময়ত বিলকিছ বানো দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল । সেই সময়ত তেওঁৰ বয়স আছিল ২১ বছৰ। কেৱল এয়াই নহয়, তেওঁৰ তিনি বছৰীয়া কন্যাকে ধৰি পৰিয়ালটোৰ ৯ জন সদস্যকো হত্যা কৰা হৈছিল। কিন্তু এই ঘটনাৰ দোষীক মুক্তি দিছিল আদালতে।

আৰু পঢ়ক: ''মুখ্যমন্ত্ৰী নহয়, অৰবিন্দ কেজৰিৱাল প্ৰচাৰ মন্ত্ৰী''