অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিঃ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ নেতৃত্বক প্ৰশংসা...
অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সমাপ্তিঃ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ নেতৃত্বক প্ৰশংসা...  
মুখ্য-পৃষ্ঠা

অসমত 'ভাৰত জোড়ো যাত্ৰা'ৰ সফল সমাপ্তিঃ নিখিল ভাৰত কংগ্ৰেছৰ অসমৰ নেতৃত্বক প্ৰশংসা...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমত ভাৰত জোড়ো যাত্ৰাৰ সফল সামৰণিৰ বাবে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই ভূয়সী প্ৰশংসা কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক। দিল্লীত অনুষ্ঠিত হোৱা এক বৈঠকত নিখিল ভাৰতীয় কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক প্ৰশংসা কৰিছে।

দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা উপস্থিত থকাৰ উপৰিও নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদকখল, তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী, ৰাজ্যিক সভাপতি আৰু বিৰোধী দলপতিসকল উপস্থিত আছিল।

এই বৈঠকত মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, ৰাহুল গান্ধীয়ে কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ চলাই থকা ‘ভাৰত জোড়ো যাত্ৰা’ৰ যাত্ৰাপথটোৰ বাহিৰে দেশৰ ভিতৰত কেৱল অসমেই একমাত্ৰ ৰাজ্য, যি ৪৫দিন ধৰি পদযাত্ৰা কৰি ৮৩৫ কিলোমিটাৰ পথ অতিক্ৰম কৰিলে।

তেওঁ অসমৰ নেতৃত্বই জনসাধৰণৰ মাজত শান্তি, ধৰ্মনিৰপেক্ষতাৰ বাণী বিলাই নিবনুৱা সমস্যাৰ দৰে জটিল সমস্যাসমূহক ৰাইজৰ কাষলৈ লৈ যোৱাত সক্ষম হৈছে বুলিও মন্তব্য কৰিছে। বৈঠকখনত অসমৰ ৪৫ দিনীয়া 'ভাৰত জোড়ো যাত্ৰা'ক সামৰি প্ৰস্তুত কৰা এক ভিডিঅ' প্ৰদৰ্শনো কৰা হয়।

ক্লিক কৰি পঢ়কঃ দীঘলীপুখুৰীত প্ৰেম নহয়, আত্মহত্যাৰ হে চেষ্টা !