হিমন্ত বিশ্ব শৰ্মাই ২/৩ জনী মুছলমান যুৱতী পলুৱাই আনিলে মিঠাই খোৱাব আজমলে !
হিমন্ত বিশ্ব শৰ্মাই ২/৩ জনী মুছলমান যুৱতী পলুৱাই আনিলে মিঠাই খোৱাব আজমলে ! 
মুখ্য-পৃষ্ঠা

হিমন্ত বিশ্ব শৰ্মাই ২/৩ জনী মুছলমান যুৱতী পলুৱাই আনিলে মিঠাই খোৱাব আজমলে !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ শালীনতাৰ সকলো সীমা অতিক্ৰম কৰিলে এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। লাভ জেহাদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুজৰাট নিৰ্বাচনী প্ৰচাৰত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত শালীনতাহীন মন্তব্যৰে ৰাজনৈতিক মুনাফা আদায়ত লিপ্ত হ'ল আজমল। হিন্দু ধৰ্মীয় লোকৰ লগতে স্বয়ং মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি কৰা মন্তব্যই এতিয়া সৃষ্টি কৰিছে বিতৰ্ক।

আজমলৰ মতে হিন্দুসকলে ৪০বছৰলৈকে বহুতৰে সৈতে অবৈধ সম্পৰ্ক বজাই ৰাখে। ৪০ বছৰৰ পিছত নোৱাৰাত পৰি বিবাহত বহে। সেয়ে সৱল সন্তান জন্ম দিব নোৱাৰে। আজমলৰ চূড়ান্ত অভব্য মন্তব্য- সময়ত খেতি নকৰিলে ভাল ফল কোনেও নাপায়। আজমলে কৈছে, মুছলমানসকলে ১৮,২০,২২ বছৰত নিকাহত বহে।

ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি তেওঁৰ সম্পৰকে চূড়ান্ত অশালীন মন্তব্যও কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লাভ জেহাদ কৰিবলৈ মুকলি আহ্বান আজমলৰ। ড০ শৰ্মাক উদ্দেশ্য কৰি তেওঁ কৈছে, ‘২-৩ গৰাকী মুছলমান যুৱতীক পলুৱাই নিয়ক মুখ্যমন্ত্রীয়ে।

মুছলমান যুৱতী পলুৱাই আনি আজমলকো খবৰ দিবলৈ আহ্বান। মুছলমান যুৱতী পলুৱাই নিয়াৰ বাবে হেনো মুখ্যমন্ত্ৰীক মিঠাই খোৱাব আজমলে। দৰকাৰ হ’লে মুছলমান যুৱতীকো ঘৰত ৰাখি লাভ জেহাদ কৰিবলৈও পৰামৰ্শ দিছে আজমলে।

ইয়াতকৈও চূড়ান্ত অশালীন ভাৱে ড০ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি মন্তব্য কৰিছে আজমলে। যি শব্দ, বাক্য লিখাটোও আমাৰ বাবে সম্ভৱ নহয়। সংবিধানৰ শপত লৈ সাংসদ হোৱা আজমলৰ মুখৰ পৰা ওলোৱা এই মন্তব্যই দেশজুৰি লাভ কৰিছে চৰ্চা।

হিন্দীতে কৰা এই মন্তব্যৰ জৰিয়তে আজমলে হিন্দু, মুছলমানৰ মাজত বিভেদৰ সৃষ্টি কৰিবলৈ অপচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ধুবুৰীৰ পৰা কংগ্ৰেছে যি ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলে আৰু সেই যাত্ৰালৈ ধুবুৰীৰ জনসাধাৰণে যিদৰে সহাৰি জনালে তাৰ প্ৰতি লক্ষ্য ৰাখি ভৰিৰ তলৰ মাটি হেৰুওৱাৰ উপক্ৰম হোৱা আজমলে এতিয়া সাম্প্ৰদায়িক আৰু অশালীন মন্তব্যৰে নিজৰ ভেঁটি ৰক্ষাৰ বাবে চেষ্টা কৰা পৰিলক্ষিত হৈছে।

ক্লিক কৰি পঢ়কঃ নাই শীতৰ প্ৰকোপ, কুঁৱলীৰ বগা আস্বাদন ! বতৰ বিজ্ঞান কেন্দ্ৰৰ ভয়ংকৰ তথ্য...