মুখ্য-পৃষ্ঠা

B R Ambedkar Death Anniversary: দেশজুৰি বি আৰ আম্বেদকাৰক স্মৰণ

Asomiya Pratidin

ডিজিটেল ডেস্ক: প্ৰতি বছৰে ৬ ডিচেম্বৰত বি আৰ আম্বেদকাৰ মৃত্যু বাৰ্ষিকী সমগ্ৰ দেশজুৰি পালন কৰা হয়। ভাৰতীয় সংবিধানৰ জনক বি আৰ আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৪ এপ্ৰিলত। বি আৰ আম্বেদকাৰৰ প্ৰকৃত নাম ড০ ভীমৰাও ৰামজী আম্বেদকাৰ।তেওঁ ভাৰতৰ এজন আইনজ্ঞ, ৰাজনৈতিক নেতা, দাৰ্শনিক, বুৰঞ্জীবিদ, অৰ্থনীতিবিদ, শিক্ষক তথা লেখক আছিল। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী সভাত প্ৰথম আইন মন্ত্ৰী আছিল।তেওঁ জনতাৰ মাজত বাবা, বাবাচাহেব, ভীমা আৰু মুকনায়ক বুলিও পৰিচিত আছিল।

আম্বেদকাৰে ভাৰতৰ দলিত সমাজৰ সামাজিক আৰু অৰ্থনৈতিক সৱলীকৰণৰ বাবে যুঁজ দিছিল। অস্পৃশ্যতা নিৰ্মূল কৰি তেওঁ সমাজত লিংগ সমতাৰ প্ৰচাৰ কৰিছিল। বি আৰ আম্বেদকাৰে সদায়েই ন্যায়ৰ বাবে যুঁজ দি সমাজৰ বৈষম্য দূৰকৰণত আগভাগ লৈছিল।স্বাধীনতাৰ সময়ত ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰা খচৰা সমিতিৰ সাতজন সদস্যৰ ভিতৰত তেওঁ এজন অন্যতম সদস্য আছিল। ২০১২ চনত দেশজুৰি চলা এটা সমীক্ষাত তেওঁক ‘শ্ৰেষ্ঠ ভাৰতীয়’ হিচাপে বাছনি কৰা হৈছিল। ১৯৯০ চনত তেওঁক মৰনোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হয়। ১৯৫৬ চনৰ ৬ ডিচেম্বৰত দিল্লীত বি.আৰ. আম্বেদকাৰ মৃত্যু হয়।

সকলো ভাৰতীয়ই এইজন মহান ব্যক্তিক স্মৰণ কৰি আজি তেওঁৰ মৃত্যু বাৰ্ষিকী পালন কৰিছে।মানুহৰ বাবে যুঁজ দিয়া এইজন মহান মনিষীৰ কেতবোৰ অনুপ্ৰেৰণাদায়ক উদ্ধৃতি তলত উল্লেখ কৰা হ’ল-

"মহিলাসকলে লাভ কৰা প্ৰগতিৰ পৰাহে এটা সম্প্ৰদায়ৰ প্ৰকৃত প্ৰগতি জুখিব পাৰি"

"মানসিক স্বাধীনতাই হৈছে প্ৰকৃত স্বাধীনতা।মনৰ স্বাধীনতা হৈছে নিজৰ অস্তিত্বৰ প্ৰমাণ।যিজন ব্যক্তিৰ মন চাফা নহয় তেওঁৰ জীৱনটো শৃংখলাবদ্ধ নহয়।মনটো সুস্থ নোহোৱা মানুহৰ জীৱন কাৰাগাৰ নথাকিলেও বন্দী।”

“প্ৰকৃত মানৱ সদায় আনতকৈ পৃথক কিয়নো তেওঁলোকে  প্ৰতিটো সময়তে সমাজৰ সেৱক হ'বলৈ সাজু থাকে।”

“প্ৰত্যেক মানুহৰে জীৱনৰ দৰ্শন থাকিব লাগে।দৰ্শনে জীৱনটো নিয়াৰিকৈ চলায় নিয়াত সুবিধা কৰে।” 

"সমতা এক কল্পকাহিনী হ'লেও প্ৰত্যেকেই ইয়াক এক শাসননীতি হিচাপে গ্ৰহণ কৰিব লাগিব।"