সন্তোষ ট্ৰফীৰ বাবে অসম দল ঘোষণা...
সন্তোষ ট্ৰফীৰ বাবে অসম দল ঘোষণা... 
মুখ্য-পৃষ্ঠা

সন্তোষ ট্ৰফীৰ বাবে অসম দল ঘোষণা...

Asomiya Pratidin

ডিজিটেল সংবাদ কোকৰাঝাৰঃ সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ ২২ জনীয়া খেলুৱৈৰ নাম আজি ঘোষণা কৰে অসম ফুটবল সন্থাই ৷ অসম দলৰ খেলুৱৈ বাছনি কৰাক লৈ কোকৰাঝাৰত বিগত কেইবাদিন ধৰি চলি থকা অনুশীলনৰ সমাপ্তৰ পিছত আজি সন্তোষ ট্ৰফীত অংশগ্ৰহণ কৰিবলগীয়া অসম দলৰ খেলুৱৈৰ নাম ঘোষণা কৰা হয়।

কোকৰাঝাৰস্থিত ছাইৰ ক্ৰীড়া প্ৰকল্পত আজি এক সংবাদমেল সম্বোধন কৰি অসম দলৰ ২২ জনীয়া খেলুৱৈৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে অসম ফুটবল সন্থাৰ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মই ৷ সেই অনুসৰি অসম দলত স্থান লাভ কৰা ২২ জনীয়া দলটোত আছে ক্ৰমে - অৰূপ বৰুৱা, বিৰখাং দেমাৰী, মেগৰাজ বসুমতাৰী, দিদৌম হাজোৱাৰী, ছুদেম ওৱাৰী, টপু ব্ৰহ্ম, গোপাল ৰাভা, মনেশ্বৰ মুছাহাৰী, হিতেশ্বৰ হাজোৱাৰী, দানছাৰাং বসুমতাৰী, উৰ্জয় ব্ৰহ্ম, জাংমিলেন কুকি, তিমথি নাৰ্জাৰী, ছিটু বসুমতাৰী, ত্ৰিদেব বড়ো, মিলন বসুমতাৰী, আক্ৰাং নাৰ্জাৰী, অৰ্জুন মাৰ্ডী, জয়দীপ গগৈ, জিজ্ঞেষ ডেকা, নিক’দিম নাৰ্জাৰী আৰু জংব্লা ব্ৰহ্ম ৷

উল্লেখ্য যে, বি টি আৰৰ সদৰ কোকৰাঝাৰত পোন প্ৰথমবাৰৰ বাবে ৭৬ সংখ্যক সন্তোষ ট্ৰফী ৰাষ্ট্ৰীয় ফুটবল চেম্পিয়নৰ গ্ৰুপ ৩ ৰ লীগ মেচ অনুষ্ঠিত হ'ব ৷ কোকৰাঝাৰ চহৰৰ কঠালগুৰীস্থিত ছাইৰ ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত অহা ২৮ ডিচেম্বৰৰ পৰা ৫ জানুৱাৰীলৈ গ্ৰুপ ৩ৰ এই লীগ মেচ অনুষ্ঠিত হ'ব ।

কোকৰাঝাৰত অনুষ্ঠিত হ'বলগীয়া গ্ৰুপ ৩ ৰ লীগ মেচত মুঠ ৬ টা দলে অংশগ্ৰহণ কৰিব ৷ অংশগ্ৰহণ কৰিবলগী দল কেইটা হ'ল ক্ৰমে - ঘৰুৱা দল অসম, অৰুণাচল প্ৰদেশ, তামিলনাডু, গোৱা, নাগালেণ্ড আৰু উত্তৰ প্ৰদেশ ৷

উক্ত ছটা দলৰ মাজত ১৫ খনকৈ লীগ মেচ অনুষ্ঠিত হ'ব ৷ সন্তোষ ট্ৰফীৰ গ্ৰুপ ৩ ৰ লীগ মেচক লৈ কোকোৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্প আৰু কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত পূৰ্ণগতিত প্ৰস্তুতি চলিছে আৰু সন্তোষ ট্ৰফীৰ গ্ৰুপ ৩ ৰ লীগ মেচক লৈ কোকৰাঝাৰ ছাই ক্ৰীড়া প্ৰকল্পত নতুনকৈ চাৰিটা ফ্লাছ লাইট টাৱাৰ স্থাপন কৰা হৈছে ৷