ড০ পীতাম্বৰ দেৱ গোস্বামীলৈ "অসম ৰত্ন" উপাধি
ড০ পীতাম্বৰ দেৱ গোস্বামীলৈ "অসম ৰত্ন" উপাধি 
মুখ্য-পৃষ্ঠা

ড০ পীতাম্বৰ দেৱ গোস্বামীলৈ "অসম ৰত্ন" উপাধি...

Asomiya Pratidin

ডিজিটেল সংবাদ, কমলাবাৰীঃ ড০ পীতাম্বৰ দেৱ গোস্বামীলৈ "অসম ৰত্ন" উপাধি। সত্ৰীয়া সংস্কৃতিৰ ধ্বজা বাহক,ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ চ’ৰাত সোমবাৰে দিনৰ ২ বজাত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ সভাত সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱগোস্বামীক বিষ্ণু-জ্যোতি শাখা সাহিত্য সভা,আউনীআটী শাখা লেখিকা সমাৰোহ সমিতি আৰু স্থানীয় ৰাইজে বিপুল সম্বৰ্ধনা জ্ঞাপন কৰে।

সত্ৰাধিকাৰগৰাকীয়ে গুৰুজনাৰ আদৰ্শৰ বীজ ৰোপনৰে এক যুগান্তকাৰী দৃষ্টান্ত দাঙি ধৰি অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত ঐক্য আৰু সংহতিৰ বাৰ্তা বিয়পাই যি মহান উদ্দেশ্যৰে সদ্যসমাপ্ত উত্তৰ গুৱাহাটীস্থিত শ্ৰী শ্ৰী আউনীআটী সত্ৰত নামঘৰ সমাৰোহ অনুষ্ঠিত কৰা আৰু এই মহান অনুষ্ঠানভাগি অতি সু-শৃংখলিত আৰু দৃষ্টিনন্দন ৰূপত উপস্থাপন কৰি সমগ্ৰ অসমবাসীৰ লগতে প্ৰতিজন অসমীয়াৰ বুকুত সংস্কৃতিৰ এক নৱজাগৰণৰ সূচনা কৰিলে।

ইয়াৰ দ্বাৰা সকলোকে গৌৰৱান্বিত কৰি তুলিলে সেই অৱদানৰ স্বীকৃতিস্বৰূপে সত্ৰাধিকাৰ গৰাকীক অঞ্চলবাসী আৰু দল সংগঠনে “অসম ৰত্ন“ উপাধি প্ৰদান কৰে ৷ বিষ্ণু-জ্যোতি শাখা সাহিত্য সভাৰ সভাপতি তুলসী ৰাজখোৱাই আঁত ধৰা সভাখনত বিশিষ্ট সমাজকৰ্মী জগত হাজৰিকা,প্ৰভাত বৰা বুঢ়াভকত,মাজুলী জিলা সাংবাদিক সন্থাৰ সম্পাদক দীপু বৰা ,আউনীআটী শাখা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী সুৰ হাজৰিকা, সম্পাদিকা মৃণালী দেৱী আদিয়ে বক্তব্য আগৱঢ়ায়।

সভাত বিশিষ্ট শিক্ষাবিদ ধীৰেন্দ্ৰ নাথ বৰা ,যুগল ভূঞা ,অতুল শৰ্মা,কেশৱ কাকতি,মনোজ শইকীয়াকে ধৰি ভালেকেইজন ব্যক্তি উপস্থিত থাকে। উক্ত সভাতেই সত্ৰাধিকাৰজনাৰ এনেধৰণৰ যোগাত্মক চিন্তাধাৰাৰ প্ৰতি সন্মান জনাই চৰকাৰে আহিব ধৰা দিনবোৰত তেখেতৰ প্ৰতি উপযুক্ত সন্মান আগৱঢ়াবলৈ এই মঞ্চৰ পৰাই আহ্বান জনায় ৷

সম্বৰ্ধনা গ্ৰহণ কৰি ড০ গোস্বামীয়ে অনাগত দিনত ৰাইজৰ মৰম, আদৰ লাভ কৰি এনে ধৰণৰ সমাজহিতৈষী কামকাজসমূহ অধিক গতিশীলতাৰে কৰি যাবলৈ প্ৰেৰণা লাভ কৰা বুলি জানিবলৈ দিয়ে। লগতে সত্ৰানুষ্ঠানসমূহ ৰাইজৰ অনুষ্ঠান আৰু ৰাইজে সকলো দিশতে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবেই সকলো ধৰণৰ কাম কাজ সম্ভৱ হৈ থকা বুলি ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰে।