মুখ্য-পৃষ্ঠা

আজি শিল্পী দিৱস : ৰূপকোঁৱৰৰ গীতৰ ধ্বনিৰে মুখৰিত সমগ্ৰ ৰাজ্য

Asomiya Pratidin

ডিজিটেল ডেস্ক: আজি শিল্পী দিৱস।প্ৰতি বছৰে ১৭ জানুৱাৰীত সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক সোঁৱৰণৰে শিল্পী দিৱস উদযাপন কৰা হয়। ১৯৫১ চনৰ আজিৰ দিনটোতেই তেজপুৰত এই মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল।ৰূপকোঁৱৰৰ কালজয়ী গীতৰ মূর্ছনাৰে আজি মুখৰ হৈ পৰিব ৰাজ্যৰ বিভিন্ন প্রান্ত।

অসমৰ ভাষা-সংস্কৃতিৰ একান্ত সাধক জ্যোতিপ্ৰসাদ আগৰৱালাই অসমীয়া গীতৰ সুৰ পুনৰ সজাই তুলি নতুন ৰূপত প্ৰতিষ্ঠা কৰিছিল। প্রথম অসমীয়া কথাছবি 'জয়মতী'সহ দুখনকৈ কথাছবিৰ পৰিচালনা তথা নির্মাণ, আঠখনকৈ নাটক, আঠটা গল্প, এখন উপন্যাস, বহু কবিতা আৰু গানেৰে অসমীয়া সাহিত্য-সংস্কৃতিৰ ভৰাল চহকী কৰি থৈ গৈছে জ্যোতিপ্ৰসাদ আগৰৱালাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি অসমৰ সাহিত্য আৰু কলা সংস্কৃতিৰ জগতলৈ যি অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে, সেয়া নতুন প্ৰজন্মৰ বাবে সদায় অনুপ্ৰেৰণা হৈ ৰ’ব। 

১৯৫৩ চনৰ ১৭ জানুৱাৰীত প্ৰথম বাৰৰ বাবে শিল্পীজনক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়। ১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল। সেই সময়ত এই শিল্পীজনাৰ স্মৃতি জীয়াই ৰাখিবৰ হকে এই প্ৰচেষ্টাৰ বাবে আগভাগ লৈছিল ড০ ভূপেন হাজৰিকা আৰু হেমাংগ বিশ্বাসে। ভাৰতীয় গণ নাট্য সংঘৰ উদ্যোগত গুৱাহাটীৰ নবীন চন্দ্ৰ হলত এই অনুষ্ঠানটো আয়োজন কৰা হৈছিল। সেইসকলৰ ভিতৰত অন্যতম আছিল জ্যোতিপ্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী আগৰৱালা (চলিহা),ড০ মহেশ্বৰ নেওগ, অধ্যাপক ভৱানন্দ দত্ত ইত্যাদি। একেদিনাই বৰপেটাত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল শিল্পী দিলীপ দত্তই।