অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সংবাদমেল
অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সংবাদমেল 
মুখ্য-পৃষ্ঠা

অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সংবাদমেল

Asomiya Pratidin

ডিজিটেল সংবাদ,বান্দৰদেৱাঃ অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ সংবাদমেল। অসম নাট্য সন্মিলনৰ চাৰিটা মণ্ডলৰ অন্যতম স্বৰ্ণপীঠ মণ্ডলৰ বাৰ্ষিক অধিবেশন তথা নাট প্ৰতিযোগিতা অহা ২৪ আৰু ২৫ জানুৱাৰীত লখিমপুৰ জিলাৰ ভোগপুৰ চাৰিআলিৰ শংকৰজ্যোতি মিলন সংঘত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব।

ধেমাজি, মাজুলী, দৰং, ওদালগুৰি, শোনিতপুৰ ,বিশ্বনাথ আৰু লখিমপুৰ জিলাক সামৰি গঠিত স্বৰ্ণপীঠ মণ্ডলৰ এই নাট প্ৰতিযোগিতাত প্ৰথম নিশা পাঁচখন আৰু দ্বিতীয় দিনা নিশা চাৰিখনসহ মুঠ ৯ খন নাট পৰিবেশিত হ'ব।বাৰ্ষিক অধিবেশন তথা নাট প্ৰতিযোগিতা উপলক্ষে বৃহস্পতিবাৰে শংকৰজ্যোতি মিলন সংঘত জিলা সমিতি আৰু আদৰণি সমিতিৰ যৌথ উদ্যোগত এখন সংবাদমেলৰ আয়োজন কৰা হয়।

সংবাদমেলত জিলা সভাপতি কনকেশ্বৰ ডেকা ৰাজকোঁৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ড: লক্ষীৰাম ভূঞা, বীৰেন শইকীয়া , প্ৰফুল্ল শইকীয়া, প্ৰদীপ শৰ্মা , গুণীণ বৰা নগেন শইকীয়া ,মানসী শইকীয়া, সোনমণি খাউণ্ড আদি উপস্থিত থাকে।

সংবাদ মেলত জনোৱা মতে প্ৰতিযোগিতাৰ নাটসমূহে ৯০ মিনিটকৈ নাট পৰিবেশন কৰিবৰ বাবে সময় লাভ কৰিব। বাৰ্ষিক অধিবেশন উপলক্ষে চিত্ৰাংকন, মুকাভিনয়, একক অভিনয়‌ আদি প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মুকাভিনয় আৰু একক অভিনয়ৰ প্ৰতিযোগীয়ে ৬ মিনিটকৈ সময় লাভ কৰিব।

প্ৰতিযোগিতাত প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰপ্ৰাপ্ত দুখন নাটক বৰপেটাত অনুষ্ঠিত হ'বলগীয়া অসম নাট্য সন্মিলনলৈ নিৰ্বাচিত হ'ব। ইফালে এই অধিবেশন তথা নাট প্ৰতিযোগিতা উপলক্ষে স্বৰ্ণ সৌৰভ নামৰ এখন স্মৃতিগ্ৰন্থও প্ৰকাশ হ'ব।