মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডঃ অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰিলে নগাই
মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডঃ অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰিলে নগাই 
মুখ্য-পৃষ্ঠা

মেঘালয়ৰ পিছত এইবাৰ নাগালেণ্ডঃ অসমৰ ভূমিত প্ৰৱেশ কৰি ব্যৱসায়ীক প্ৰতিষ্ঠান উচ্ছেদ কৰিলে নগাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম-মেঘালয় সীমান্তৰ উত্তেজনা দূৰ নহওতেই পুনৰ নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে উত্তেজনা। লাচিত দিৱসৰ কাৰ্যসূচীৰ বাবে দিল্লীত অসমৰ মুখ্যমন্ত্ৰীকে ধৰি অন্যান্য মন্ত্ৰী তথা সকলো শীৰ্ষ বিষয়া উপস্থিত থকাৰ বাবেই এক প্ৰকাৰৰ অভিভাৱক হীন হৈ থকা অসমক দুই ৰাজ্যই যেন পৰিকল্পিত ভাৱেই চেপি ধৰিছে।

আজি শিৱসাগৰৰ নাগালেণ্ড সীমান্তত সৃষ্টি হৈছে উত্তেজনা। শিৱসাগৰৰ নাজিৰাকক বিহুবৰত নগা আৰক্ষীয়ে অসমৰ কেইবাখনো হোটেল তথ্য অন্যান্য ব্যৱসায়ীক প্ৰতিষ্ঠান ভাঙি দিয়া কাৰ্যই উত্তেজনাৰ সৃষ্টি কৰিছে।

নগা আৰক্ষীয়ে নাজিৰাৰ ঔগুৰিজানত পুৱাই এক্সকেভেটৰেৰে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ ভাঙি দিয়া কাৰ্যক সহজভাৱে ল'ব পৰা নাই অসমৰ লোকসকলে। নগা প্ৰশাসনে এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত সুৰাৰ অবাধ প্ৰচলন চলাৰ অভিযোগ উত্থাপন কৰিছে। চুবুৰীয়া ৰাজ্যখনৰ অভিযোগ- এই ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গৰাকীসকলৰ অবৈধ সুৰাৰ ব্যৱসায়ৰ সন্দৰ্ভত নিৰ্বিকাৰ আছিল নাজিৰা মহকুমা প্ৰশাসন।

যাৰ বাবে নাগালেণ্ডৰ অন্তৰ্গত নাগিনীমৰা প্ৰশাসনে এই ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহক সকীয়নি প্ৰদান কৰিছিল। তাপ পিছত আজি পুৱাই অকৰ্তৃত্বশীলভাৱে নগা প্ৰশাসনে অসমৰ ভূমিত প্ৰৱেশ কৰি এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত অতৰ্কিত উচ্ছেদ চলালে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা নাগালেণ্ডে নাজিৰাৰ বিহুবৰৰ ঔগুৰিজান তেওঁলোকৰ বুলি দাবী কৰি আহিছে।