মুখ্য-পৃষ্ঠা

ৰাজ্যপালৰ অনুমোদনেৰে ৭৯ উপ-জিলা গঠনৰ আনুষ্ঠানিক অধিসূচনা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৰাজ্যত ৭৯ উপ-জিলা গঠনত অনুমোদন জনাইছে ৰাজ্যপালে। মঙলবাৰে এক জাননী জাৰি কৰি অসম চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই কথা অৱগত কৰে। অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই ৭৯ খন উপ-জিলা গঠনৰ বাবে অনুমোদন জনোৱাত উপ-জিলা তথা জিলা সদৰ গঠনৰ বাবে আনুষ্ঠানিক অধিসূচনা জাৰি কৰিছে ৰাজ্য চৰকাৰে।

জাননীত প্ৰকাশ পোৱা অনুসৰি প্ৰস্তাৱিত উপ-জিলাৰ মুখ্য কাৰ্যালয় উপ-জিলাসমূহৰ কেন্দ্ৰত স্থাপন কৰা হ'ব আৰু ইয়াৰ কাম-কাজ জিলা আয়ুক্তই নিৰ্ধাৰণ কৰিব। তদুপৰি উপ-জিলাৰ মুখ্য কাৰ্যালয় সম্পৰ্কীয় যিকোনো বিবাদ, বিভ্ৰান্তিসমূহ সমাধান নোহোৱা পৰ্যন্ত জিলা হেড কোৱাৰ্টাৰৰ পৰাই কাম পৰিচলনা হ'ব বুলিও উল্লেখ আছে জাননীখনত। উল্লেখ্য যে, বিটিআৰ তথা ষষ্ঠ অনুসূচিত এলেকাৰ বাবে এই নিৰ্দেশনা স্থগিত থাকিব।

জাননী অনুসৰি উপ-জিলাৰ মৰ্যাদা প্ৰদান কৰা ৭৯ টা বিধানসভা সমষ্টি হ'ল- ধুবুৰী জিলাৰ গোলকগঞ্জ, গৌৰীপুৰ, বীৰসিংজাৰুৱা, বিলাসীপাৰা; গোৱালপাৰা জিলাৰ জলেশ্বৰ, গোৱালপাৰা পশ্চিম, দুধনৈ; বঙাইগাঁও জিলাৰ অভয়াপুৰী, সৃজনগ্রাম; বৰপেটা জিলাৰ ভৱানীপুৰ-সৰভোগ, মন্দিয়া, জনিয়া, চেঙা, পাকা বেতবাৰী, বজালী; কামৰূপ জিলাৰ ছমৰীয়া, বকো ছয়গাঁও, পলাশবাৰী, ৰঙিয়া, কমলপুৰ; কামৰূপ মহানগৰ জিলাৰ দিছপুৰ, ডিমৰীয়া, নিউ গুৱাহাটী আৰু জালুকবাৰী।

নলবাৰী জিলাৰ বৰক্ষেত্ৰী, ধৰ্মপুৰ-টিহু; দৰং জিলাৰ ছিপাঝাৰ, দলগাঁও; মৰিগাঁও জিলাৰ জাগীৰোড, লাহৰীঘাট; নগাঁও জিলাৰ ধিং, ৰূপহীহাট, কলিয়াবৰ, চামগুৰি, বঢ়মপুৰ, ৰহা; হোজাই জিলাৰ বিন্নাকান্দি, লামডিং; শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি, বৰছলা, ৰঙাপৰা, নদুৱাৰ; বিশ্বনাথ জিলাৰ বিহালী, গহপুৰ, লখিমপুৰ জিলাৰ বিহপুৰীয়া, ৰঙানদী, নাওবৈচা, ঢকুৱাখানা; ধেমাজি জিলাৰ চিচিবৰগাঁও, জোনাই; তিনিচুকীয়া জিলাৰ শদিয়া, ডুমডুমা, মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম।

ডিব্ৰুগড় জিলাৰ চাবুৱা-পাহোৱাল, খোৱাং, দুলীয়াজান, টিংখাং, নাহৰকটীয়া; চৰাইদেউ জিলাৰ মাহমৰা; শিৱসাগৰ জিলাৰ ডিমৌ, নাজিৰা, যোৰহাট জিলাৰ টীয়ক, মৰিয়নী, তিতাবৰ, গোলাঘাট জিলাৰ দেৰগাঁও, বোকাখাত, খুমটাই, সৰুপথাৰ, কাছাৰ জিলাৰ লক্ষীপুৰ, উদাৰবন্দ, কাটিগড়া, বৰখলা, সোণাই, ধলাই; হাইলাকান্দি জিলাৰ আলগাপুৰ-কাটলিছেৰা; কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ দক্ষিণ, পাথাৰকান্দি, ৰামকৃষ্ণ নগৰ।