অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়ালৈ‌ অসম  কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা...
অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়ালৈ‌ অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা...  
মুখ্য-পৃষ্ঠা

অধ্যাপক ড° ভূবন চন্দ্ৰ চুতীয়ালৈ‌ অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা...

Asomiya Pratidin

ডিজিটেল সংবাদ নগাঁও : অসম কলেজ শিক্ষক সন্থাৰ ৬৭ তম অধিৱেশনখনি উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়(স্বায়ত্বশাসিত)ত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানতে অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা নগাঁও মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগ অধ্যাপক ড° চুতীয়াক প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছে।

এই বঁটাত এক লাখ টকা সহ মান পত্ৰ আৰু ট্ৰফি প্ৰদান কৰা হয়। উল্লেখ্য যে প্ৰাণী বিজ্ঞানী ড° চুতীয়াই বিশেষ পদক্ষেপৰ অংশীদাৰ হৈ অবিভক্ত নগাঁও জিলাৰ ১০-১২খন গাঁৱৰ দুই শতাধিক উদ্যোগী মহিলাই ৰেচম, এৰী বস্ত্ৰ উৎপাদন, এৰী লেটাৰে খাদ্য প্ৰস্তুত কৰি এক বিপ্লৱৰ সূচনা কৰিছে।

ড° চুতীয়াই সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে এৰী ৰেচম পলু পালন আৰু স্বাৱলম্বিতাৰ দিশ দৰ্শন কৰিবলৈ সক্ষম হৈছে। নৱ প্ৰজন্মৰ মাজত ক্ৰমান্বয়ে এলাগী হ'বলৈ ধৰা ৰেচম পলুৰ বৈজ্ঞানিক ভাৱে পালন আৰু বস্ত্ৰ উৎপাদনৰ যোগেদি দুই শতাধিক মহিলাৰ স্বাৱলম্বীতাৰ বাট দেখুৱাই গ্ৰাম্যাঞ্চলৰ পলু পালকৰ ক্ষেত্ৰখনলৈ আশাৰ বাৰ্তা কঢ়িয়াই আনিছে।

স্মৰ্তব্য, অবিভক্ত নগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ কেইবাখনো গাঁৱত পূৰ্বৰে পৰা পৰম্পৰাগত ভাৱে অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ এৰী পলুৰ পালন আৰু বস্ত্ৰ উৎপাদন চলি আছিল যদিও সময়ৰ সোঁতত ক্ৰমান্বয়ে ই এলাগী হ'বলৈ ধৰে। কিন্তু এই বহু সম্ভাৱনাপূৰ্ণ এৰী শিল্পৰ পুনৰুজ্জীৱিতকৰণ আৰু উত্তৰণৰ বাবে একক ভাৱেই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰি এই ক্ষেত্ৰত যথেষ্ট সফলো হৈছে গৱেষক,প্ৰাণী বিজ্ঞানী ড° চুতীয়া।

ৰং বিৰঙৰ কাপোৰৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এৰী সূতাত প্ৰাকৃতিক আৰু জৈৱিক ৰং ব্যৱহাৰ কৰাৰ কামো আৰম্ভ কৰা হয়। শিপিনীসকলে নিজে উৎপাদন কৰা এৰী সূতাত প্ৰাকৃতিক ভাৱে উপলব্ধ বিভিন্ন ৰং যেনে-হালধি, শেৱালি ফুল, কঠাল, তামোল, ডালিম, জেতুকা, লা, সেন্দুৰ, নীল, মাছৰ পিত্তৰ পৰা তৈয়াৰ কৰা জৈৱিক ৰং দি সেই সূতাৰে ৰং বিৰঙৰ এৰী বস্ত্ৰ প্ৰস্তুত কৰিছে।

এই ৰং বিৰঙৰ বস্ত্ৰই বজাৰ দখল কৰিবলৈকো সক্ষম হৈছে। স্মৰ্তব্য যে, মৰিগাঁও জিলাৰ মায়ঙৰ বঙালবড়ী গাঁৱৰ শিপিনীসকলে জ্যোতিময়ী মাছাৰীৰ নেতৃত্বত নতুন দিল্লীত অনুষ্ঠিত এক আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত অংশগ্ৰহণ কৰিছিল।

সেই বাণিজ্য মেলাত এৰী সূতাত প্ৰাকৃতিক আৰু জৈৱিক ৰং দি তৈয়াৰ কৰা এৰী বস্ত্ৰই খুৱেই ভাল ব্যৱসায় কৰিবলৈ সক্ষম হয়। আনকি উক্ত মেলাতে ফ্ৰান্স, অষ্ট্ৰেলিয়া আদি দেশৰ গ্ৰাহকৰ পৰাও ৰং বিৰঙৰ এৰী বস্ত্ৰৰ বাবে আগতীয়া অৰ্ডাৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰাণী বিজ্ঞানী ড° চুতীয়াৰ পৰামৰ্শ ক্ৰমে এৰী পলু পুহি এৰী বস্ত্ৰ তৈয়াৰ কৰাৰ লগতে বহুমুখী ব্যৱসায় গঢ়ি তোলাৰো আঁচনি গ্ৰহণ কৰিছে গোটসমূহে। এই প্ৰশংসনীয় পদক্ষেপৰ বাবে তেখেতেক অসম কলেজ শিক্ষক সন্থাৰ গৱেষণা আৰু উদ্ভাৱনী বঁটা প্ৰদান কৰিছে।

এই বঁটা গ্ৰহণ কৰি ড° চুতীয়াই ভৱিষ্যতে দুগুন উৎসাহেৰে কাম কৰিব বুলি ব্যক্ত কৰাৰ লগতে অসম কলেজ শিক্ষক সন্থা আৰু নগাঁও মহাবিদ্যালয়ৰ পৰিয়াল বৰ্গক কৃতজ্ঞতা জ্ঞাপন কৰে।