মুখ্য-পৃষ্ঠা

এইবাৰ লখিমপুৰ, শিৱসাগৰ, শিলচৰ, হাফলঙতো হ'ব "অসম গ্ৰন্থমেলা"...

Asomiya Pratidin

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত ২৬ এপ্ৰিল-২০২৩ তাৰিখে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ এক যৌথ সংবাদমেলত ২০২৩-২৪ বৰ্ষৰ অসম গ্ৰন্থমেলাৰ স্থান সম্পৰ্কে ঘোষণা কৰে ৷ সংবাদমেলত বিগত বৰ্ষত গুৱাহাটী, ধেমাজি, যোৰহাট, নলবাৰী, ডিফু আৰু বঙাইগাঁৱত অনুষ্ঠিত অসম গ্ৰন্থমেলাৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উপৰিও গ্ৰন্থ ব্যৱসায়ীসকলক গ্ৰন্থ ক্ৰয়ৰ যোগেদি উৎসাহিত কৰাৰ বাবে সমূহ পঢুৱৈ আৰু গ্ৰন্থক্ৰেতাক ধন্যবাদ জ্ঞাপন কৰে পৰিষদ দুটিয়ে৷

গ্ৰন্থমেলাসমূহে অসমত এক গ্ৰন্থ আন্দোলন গঢ়ি তুলিবলৈ সক্ষম হোৱাৰ বাবে ইয়াৰ কৃতিত্বৰ অংশ অসমৰ সংবাদ মাধ্যমকো দি ধন্যবাগ জ্ঞাপন কৰে ৷ গ্ৰন্থমেলাসমূহৰ যোগেদি অসমৰ লগতে দেশ-বিদেশৰ গ্ৰন্থ বিক্ৰেতাসকলে গ্ৰন্থৰ বিক্ৰীৰ বাবে এক নিশ্চিত বজাৰ লাভ কৰিবলৈ সক্ষম হয় ৷ অসমৰ গ্ৰন্থ প্ৰকাশক আৰু বিক্ৰেতাসকলে লক-ডাউনৰ সময়ত সন্মুখীন হোৱা ক্ষতিৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত এই গ্ৰন্থমেলাসমূহে এক ডাঙৰ সকাহ প্ৰদান কৰিলে ৷ আনহাতে অসমৰ ভিন্ন প্ৰান্তৰ নৱ-প্ৰজন্মৰ লেখক-সাহিত্যিকসকলক এনে গ্ৰন্থমেলাৰ দ্বাৰা একত্ৰিত কৰি বৌদ্ধিক চৰ্চাৰ বাবে মিলিত কৰোৱা আৰু অসমৰ গ্ৰন্থ আন্দোলনক এক মাত্ৰা প্ৰদান কৰাৰ ক্ষেত্ৰত গ্ৰন্থমেলাসমূহে এক ইতিবাচক ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হৈছে৷

সেয়েহে আগন্তুক ২০২৩-২৪ বৰ্ষৰ বাবে অসম গ্ৰন্থমেলা আয়োজনৰ ক্ষেত্ৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইতিমধ্যে স্থান নিৰ্ধাৰণ কৰি এখনি প্ৰাৰম্ভিক সূচী প্ৰস্তুত কৰে ৷ নিৰ্বাচিত স্থানৰ লগতে গ্ৰন্থমেলাৰ নিৰ্দিষ্ট দিনসমূহ নিৰ্ধাৰণ কৰাৰ ক্ষেত্ৰত উভয় পক্ষই যৌথভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গুৱাহাটীৰ উপৰিও উত্তৰ লক্ষীমপুৰ, শিৱসাগৰ, শিলচৰ আৰু হাফলঙতো এইবাৰ অসম গ্ৰন্থমেলা বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হ’ব ৷ তদুপৰি নামনি অসমৰ আন দুখন চহৰতো অসম গ্ৰন্থমেলা আয়োজন কৰাৰ কথা অৱগত কৰে কৰ্তৃপক্ষই ৷ পৰৱৰ্তী সময়ত এই দুখন গ্ৰন্থমেলাৰ স্থান আৰু সূচী সম্পৰ্কে পুনৰ ঘোষণা কৰিব বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷

উল্লখ্য যে, অহা ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈকে সাতদিনীয়া বিস্তৃত কাৰ্যসূচীৰে হাফলং চহৰত অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা ৷ তাৰ পৰৱৰ্তী সময়ত লখিমপুৰ চহৰত ৩১ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈকে, শিৱসাগৰত ১৮ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰলৈকে আৰু শিলচৰত ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব গ্ৰন্থমেলাৰ কাৰ্যসূচী৷ আনহাতে গুৱাহাটীত অসম গ্ৰন্থমেলা ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী-২০২৪-লৈকে চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা হ’ব ৷ ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি পূৰ্ণগতিত চলাইছে দুয়োটা সংস্থাই ৷ বুধবাৰৰ সংবাদমেলত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সহকাৰী সচিব মুনীন্দ্ৰ চন্দ্ৰ মেধি, বিশেষ কৰ্তৱ্যৰত বিষয়া মিংকু হাজৰিকা, উপৰি সদৌঅসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ-সভাপতি বাহাৰুল ইছলাম চৌধুৰী, সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, আৰু সহকাৰী সম্পাদক প্ৰবোধ দাস উপস্থিত থাকে৷