অসম বিধানসভাৰ শীতকালীন অধিৱেশনঃ কৃষি বিভাগৰ কেলেংকাৰী, সীমান্তৰ উত্তেজনাই উত্তাল কৰিব সদন...
অসম বিধানসভাৰ শীতকালীন অধিৱেশনঃ কৃষি বিভাগৰ কেলেংকাৰী, সীমান্তৰ উত্তেজনাই উত্তাল কৰিব সদন...  
মুখ্য-পৃষ্ঠা

অসম বিধানসভাৰ শীতকালীন অধিৱেশনঃ কৃষি বিভাগৰ কেলেংকাৰী, সীমান্তৰ উত্তেজনাই উত্তাল কৰিব সদন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আজিৰে পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ পূৰ্বেই শাসক, বিৰোধীয়ে নিজৰ ৰণনীতি প্ৰস্তুত কৰিছে।

বিৰোধীয়ে শাসক পক্ষক কি কি বিষয়ত বিধানসভাৰ মজিয়াত প্ৰশ্ন উত্থাপন কৰিব, কিদৰে শলথেকত পেলাব তাৰ ৰণনীতি প্ৰস্তুত কৰা বিপৰীতে চৰকাৰী পক্ষয়ো বিৰোধীৰ প্ৰতিটো ৰণকৌশল বিফল কৰাৰ কৌশল ৰচনা কৰিছে। পূৰ্বে প্ৰকাশ পোৱা অনুসৰিয়েই এই অধিৱেশনত চৰকাৰে উত্থাপন কৰিব মুঠ ১২ খন বিল।

পুৱা ৯-৩০ বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই অধিৱেশনত মূলতঃ অসম-মেঘালয়ৰ সীমান্তৰ সংঘাত, বটদ্ৰৱাৰ উচ্ছেদ, কৃষি বিভাগত সংঘটিত হোৱা কেলেংকাৰী আদি বিষয়ে স্থান পোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ শাসকীয় দলৰ বিধায়ক মৃণাল শইকীয়াই কৃষি বিভাগৰ দুৰ্নীতি, কেলেংকাৰীক লৈ সংবাদ মেল দিয়া বিষয়টোৱে ইতিমধ্যে চৰকাৰক বিব্ৰত কৰিছে।

এনে পৰিস্থতিত আজিৰে পৰা আৰম্ভ হ'বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশন যে আকৰ্ষণীয় হৈ উঠিব সেয়া নিশ্চিত।