মুখ্য-পৃষ্ঠা

চৰম বিভ্ৰান্তি! দুৰ্যোগ প্ৰশমন বিভাগে নাপাতে মেট্ৰিক পৰীক্ষা, বিবৃতিযোগে কৰিলে স্পষ্ট…

asomiyapratidin

ডিজিটেল ডেস্কঃ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সন্দৰ্ভত শেহতীয়াকৈ একাংশ সংবাদমাধ্যমত বিভিন্ন বাতৰি প্ৰকাশ পাইছে যদিও শেহতীয়াকৈ এই বিষয় স্পষ্ট কৰি ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগে জাৰি কৰিছে এক বিবৃতি। এই বিবৃতিত উল্লেখ কৰা হৈছে যে, পৰীক্ষা অনুষ্ঠিত কৰা-নকৰা সন্দৰ্ভত এতিয়ালৈকে দুৰ্যোগ প্ৰশমন বিভাগে কোনো নিৰ্দেশনা লাভ কৰা নাই। শিক্ষা বিভাগে এই সন্দৰ্ভত কোনো নিৰ্দেশনা প্ৰদান কৰা নাই বুলি উল্লেখ কৰিছে বিবৃতিটোত।

এই সমগ্ৰ বিষয়ৰ সন্দৰ্ভত এক বিভ্ৰান্তি সৃষ্টি হোৱা বুলি উল্লেখ কৰি দুৰ্যোগ প্ৰশমন বিভাগে স্পষ্টভাৱে পৰীক্ষাৰ সন্দৰ্ভত কোনো কথাই এতিয়ালৈকে তেওঁলোকৰ সৈতে আলোচনা হোৱা নাই বুলি ঘোষণা কৰে। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে জুলাইৰ ১৫-২০তাৰিখৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হব বুলি ঘোষণা কৰিছিল যদিও শেহতীয়াকৈ পৰীক্ষাৰ সন্দৰ্ভত আন বহুবোৰ দিশৰ সন্দৰ্ভত বিভিন্ন বাতৰি প্ৰকাশ পাইছিল।

কেইটা বিষয়ৰ ওপৰত কেনেধৰণে পৰীক্ষা অনুষ্ঠিত হব, কি কি বিষয়ৰ ওপৰত পৰীক্ষা অনুষ্ঠিত হব, কোনবোৰ বিষয় বাধ্যতামূলক বিষয় হিটাপে গণ্য কৰা হৈছে আদি বিভিন্ন দিশৰ ওপৰত বাতৰি প্ৰকাশ পাইছিল। এইবাৰ প্ৰথমবাৰৰ বাবে ৰাজ্যত পৰীক্ষা দুৰ্যোগ প্ৰশমন বিভাগে অনুষ্ঠিত কৰি শিক্ষা আৰু স্বাস্থ্য বিভাগে সহযোগ কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল যদিও দুৰ্যোগ প্ৰশমন বিভাগৰ এই বিবৃতিৰ লগে লগে এই সকলো চৰ্চাৰ অন্ত পৰিল।