মুখ্য-পৃষ্ঠা

ক'ভিডৰ সতৰ্কবাণীৰ মাজতেই ত্ৰিপুৰাত বিজেপিৰ ৰথযাত্ৰা...

Asomiya Pratidin

ডিজিটেল ডেস্ক : চীনত ক্ৰমাৎ বৃদ্ধি পাইছে ক'ভিডৰ প্ৰকোপ । অতি শীঘ্ৰেই ভাৰতলৈ ক'ভিডৰ সংক্ৰমণ হোৱাৰ আশংকাত কেন্দ্ৰীয় চৰকাৰ । সতৰ্কবাণী দিলে ভাৰতীয় জাতীয় কংগ্ৰেছৰ "ভাৰত জোড়ো যাত্ৰা"লৈ । ক'ভিড প্ৰ'ট'কল উলংঘা কৰিলে ভাৰত জোড়ো যাত্ৰা হয়তো স্থগিত ৰখা হ'ব কেন্দ্ৰৰ নিৰ্দেশত ।

কিন্তু একেই নিয়ম প্ৰযোজ্য নহয় নেকি শাসনাধিষ্ঠ দলৰ ক্ষেত্ৰত ?

উল্লেখ্য যে, আগন্তুক ২০২৩ বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ'ব বিধানসভ‍া নিৰ্বাচন । ইয়াৰ পূৰ্বে জানুৱাৰীৰ ৫ তাৰিখৰ পৰা ত্ৰিপুৰাত কেন্দ্ৰীয় শাসনাধিষ্ঠ দল বিজেপিয়ে অনুষ্ঠিত কৰিছে ৰথ যাত্ৰাৰ । উত্তৰ ত্ৰিপুৰাৰ ধৰমনগৰ জিলাৰ পৰা আৰম্ভ হ'ব লগীয়া এই ৰথ যাত্ৰাত চামিল হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহো । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পতাকা উত্তোলনেৰে আৰম্ভ হ'ব লগীয়া এই যাত্ৰাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে দক্ষিণ ত্ৰিপুৰাত এক শোভাযাত্ৰাটো অংশ গ্ৰহণ কৰিব । ইয়াৰ ওপৰিও ১২ জানুৱাৰীত ৰথযাত্ৰাৰ অন্তিমটো দিনত অংশ ল'ব জে পি নাড্ডাই ।

এতিয়া প্ৰশ্ন হয়, ক'ভিডৰ নীতি নিয়ম সকলোৰে বাবে পৃথক নেকি ? সাধাৰণ জনতা আৰু ৰাজনীতিবিদে কিয় পৃথক উপায়েৰে পালন কৰে প্ৰ'ট'কল ? ভাৰতীয় সংবিধানে সকলোকে দিয়া সম-অধিকাৰ কেৱল কাগজে পত্ৰই হে নেকি ?