চীন-ভাৰত সংঘাতক লৈ উদ্বিগ্ন বিশ্ব ! ভাৰতক সমৰ্থন আমেৰিকাৰ...
চীন-ভাৰত সংঘাতক লৈ উদ্বিগ্ন বিশ্ব ! ভাৰতক সমৰ্থন আমেৰিকাৰ... 
মুখ্য-পৃষ্ঠা

চীন-ভাৰত সংঘাতক লৈ উদ্বিগ্ন বিশ্ব ! ভাৰতক সমৰ্থন আমেৰিকাৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অৰুণাচলৰ টাৱঙত সংঘটিত হোৱা ভাৰত-চীন সংঘাতৰ ওপৰত বিশ্বই দৃষ্টি ৰাখিছে। এই সংঘাত যাতে কোনো কাৰণতে আৰু অধিক সম্প্ৰসাৰিত হ'ব নোৱাৰে সেই বিষয়ত গুৰুত্ব দিছে বিশ্ব সমুদায়ে।

কিয়নো এই সংঘাতে যুদ্ধৰ ৰূপ ধাৰণ কৰে, তেন্তে পাৰমাণৱিক অস্ত্ৰৰে সুসজ্জিত দুয়োখন দেশ বিশ্বৰ বাবে হৈ পৰিব পাৰে ভাবুকি। অৱশ্যে যোৱা ৯ ডিচেম্বৰত সংঘটিত হোৱা সংঘাতৰ পিছত এতিয়া টাৱাঙৰ সীমান্তত শান্তি বিৰাজ কৰিছে।

সৌ সিদিনাখন ভাৰত আৰু চীনৰ সংঘাত দূৰ কৰিবলৈ পদক্ষেপ হাতত লোৱাৰ ইচ্ছা প্ৰকাশ কৰা আমেৰিকা যুক্ত ৰাষ্ট্ৰই ভাৰত-চীনৰ মাজত অৰুণাচল সীমান্তত সৃষ্টি হোৱা এনে সংঘাতৰ ওপৰত দৃষ্টি ৰাখিছে। আমেৰিকাই এই সংঘাতৰ পিছতে সীমান্তত শান্তি বৰ্তাই ৰখাৰ ক্ষেত্ৰত দুয়ো দেশে গ্ৰহণ কৰা পদক্ষেপ শলাগ লৈছে।

পেণ্টাগনৰ প্ৰেছ সচিব পেট ৰাইডাৰে কয়, আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিত্ৰশক্তি আৰু ইণ্ডো-পেচিফিকত আমাৰ অংশীদাৰসকলৰ ভূখণ্ডত চীনৰ বেদখলৰ প্ৰৱণতাৰ সংকেত দি আহিছে। তেওঁ কয়, আমি আমাৰ অংশীদাৰসকলৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ প্ৰতি আমাৰ প্ৰতিশ্ৰুতিত দৃঢ় হৈ থাকিম। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰৰ প্ৰচেষ্টাক আমি সম্পূৰ্ণ সমৰ্থন জনাইছো।

ইফালে ৰাষ্ট্ৰসংঘৰ সচিব এণ্টনিঅ' গুটেৰেছেও ভাৰত-চীন সীমান্তৰ উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে লোকসভা আৰু ৰাজ্যসভাত কৈছে, ভাৰতীয় সেনাই সাহসেৰে পি এল এক আমাৰ ভূখণ্ড বেদখল কৰাত বাধা দিছে আৰু তেওঁলোকক ঘূৰি যাবলৈ বাধ্য কৰাইছে। দুয়ো ফৈদৰ সংঘৰ্ষত কিছু সৈনিক আহত হৈছে।

ৰাজনাথ সিঙে কয়, ভাৰতীয় সেনাই ৯ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ য়াংজি অঞ্চলত একপক্ষীয় ভাৱে স্থিতি সলনি কৰাৰ চীনৰ পিপলছ লিবাৰেচন আৰ্মীৰ প্ৰেচেষ্টা বিফল কৰিছে।

ঘটনা সন্দৰ্ভত চীনৰ বৈদেশিক মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে বেইজিঙত এক সংবাদ মেল সম্বোধন কৰি কয় যে, দুয়োপক্ষই কূটনৈতিকআৰু সামৰিক মাধ্যমৰ জৰিয়তে সীমান্ত সম্পৰ্কীয় বিষয়ত মসৃণ যোগাযোগ বজাই ৰাখিছে।