ভাৰতীয় ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে...
ভাৰতীয় ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে... 
মুখ্য-পৃষ্ঠা

ফুটবল অনুৰাগীৰ ওচৰত ক্ষমা খুজিলে আম্বানীৰ প্ৰতিষ্ঠানে...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ফিফা বিশ্বকাপত নাই ভাৰত, তথাপিও ভাৰতত ফুটবলৰ উন্মাদনা কম নহয়। বিশ্বকাপকলৈ ভাৰতীয় ফুটবল অনুৰাগীৰ এনে উন্মাদনাৰ বাবেই মুকেশ অম্বানীৰ প্ৰতিষ্ঠানে ক্ষমা খুজিবলৈ বাধ্য হ'ল।

দেওবাৰে কাটাৰাৰ অল বেইট ষ্টেডিয়ামত অনুষ্ঠিত হ'ল বৰ্ণাঢ্য উদ্বোধনী অনুষ্ঠান। এই অনুষ্ঠানে সমগ্ৰ বিশ্বৰ হৃদয় জয় কৰিবলৈ সক্ষম হ'ল। উদ্বোধনী অনুষ্ঠানৰ পিছতে আয়োজক কাটাৰ আৰু ইকুৱেডৰৰ মাজত অনুষ্ঠিত হৈছিল প্ৰথমখে মেচ। মেচখনত কাটাৰক ইকুৱেডৰে ২ গ'লৰ ব্যৱধানত পৰাস্ত কৰিলে।

ইয়াত ভাৰতৰ কোনো পাবলগীয়াও নাই আৰু হেৰুৱাবলগীয়াও নাই। উদ্বোধনী অনুষ্ঠানত নৃত্য পটিয়সী তথা বলিউড অভিনেত্ৰী নোৰা ফাতেহীয়ে তেওঁৰ নৃত্য প্ৰদৰ্শনৰে বিশ্ববাসীক মুগ্ধ কৰাৰ বিপৰীতে ভাৰতৰ ইয়াত কোনো সম্পৰ্ক নাছিল। তথাপিও মুকেশ আম্বানীৰ প্ৰতিষ্ঠানে ক্ষমা খুজিলে ফুটবল অনুৰাগীৰ ওচৰত।

বিশ্বকাপ প্ৰতিযোগিতাখন ভাৰতত স্পৰ্টছ18 ৰ নেটৱৰ্কৰ দ্বাৰা ডি টি এইছত আৰু অ' টি টি প্লেটফৰ্মৰ ভিতৰত জিঅ'য়ে সম্প্ৰচাৰৰ স্বত্ব লাভ কৰিছে। কিন্তু ভাৰতীয় ফুটবল অনুৰাগীসকলৰ অভিযোগ জিঅ'ত ইণ্টাৰনেট সংযোগ থকাৰ পিছতো খেলখন উপভোগ কৰাৰ ক্ষেত্ৰত বাৰে বাৰে বাফাৰিং হৈ আছিল।

যাৰ বাবে টুইটাৰত ফুটবল অনুৰাগীসকলে জিঅ' আৰু মুকেশ আম্বানীক গালি পাৰিবলৈ আৰম্ভ কৰিলে। অৱশ্যে জিঅ'য়ে এই সমস্যাৰ অভিযোগ স্বীকাৰ কৰি লৈছে। তেওঁলোকে বাফাৰিঙৰ এই সমস্যা সমাধানৰ বাবে চেষ্টা কৰি আছে বুলিও টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে।

জিঅ' চিনেমাই টুইট কৰি এই বিষয়ত কয়, "আমি আপোনাক ফুটবল খেলৰ সৰ্বশ্ৰেষ্ঠ অভিজ্ঞতা প্ৰদান কৰিবলৈ নিৰন্তৰ কাম কৰি আছো। অনুগ্ৰহ কৰি ফিফা বিশ্বকাপ কাটাৰ ২০২২ উপভোগ কৰিবলৈ আপোনাৰ এপটো আপগ্ৰেড কৰক। যিকোনো অসুবিধাৰ বাবে দুঃখিত।"

ইয়াৰ পাছতো, বহুতো ব্যৱহাৰকাৰীৰ অভিযোগ যে বাফাৰিঙৰ সমস্যা সমাধান হোৱা নাই।