পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদঃ হালধীয়া হৈ পৰা সৰিয়হৰ খেতিত চলিল প্ৰশাসনৰ ট্ৰেক্টৰ...
পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদঃ হালধীয়া হৈ পৰা সৰিয়হৰ খেতিত চলিল প্ৰশাসনৰ ট্ৰেক্টৰ...  
মুখ্য-পৃষ্ঠা

পাভ সংৰক্ষিত বনাঞ্চলত প্ৰশাসনৰ উচ্ছেদঃ হালধীয়া হৈ পৰা সৰিয়হৰ খেতিত চলিল প্ৰশাসনৰ ট্ৰেক্টৰ...

Asomiya Pratidin

ডিজিটেল সংবাদ লখিমপুৰঃ ঐতিহাসিক পাভ সংৰক্ষিত বনাঞ্চলক বেদখল মুক্ত কৰিবলৈ লখিমপুৰ জিলা প্ৰশাসন আৰু বন সংমণ্ডলৰ উদ্যোগত আজি পুৱাৰে পৰা চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। পূৰ্বে ঘোষণা কৰা অনুসৰিয়েই লখিমুৰ জিলা প্ৰশাসনে আজি পুৱাৰে পৰা বনাঞ্চলখনত চলাই আছে উচ্ছেদ অভিযান। এই অভিযান বুধবাৰেও অব্যাহত থাকিব।

লখিমপুৰ সংমণ্ডলৰ সহকাৰী বন-সংৰক্ষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি পাভ সংৰক্ষিত বনাঞ্চলৰ ৪৫০ হেক্টৰ ভূমি বর্তমানলৈকে কিছু লোকৰ দ্বাৰা বেদখলৰ কবলত আছে।

উল্লেখযোগ্য যে, ১৯৪১ চনত পাভক সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰাৰ সময়ত উক্ত বনাঞ্চলৰ মুঠ মাটিকালি আছিল ৪৬২৮.৮৭ হেক্টৰ। বনাঞ্চলখনত বসবাস কৰি থকা লোকসকলে বন অধিকাৰ আইন, ২০০৬ ৰ অধীনত আবেদন জনাইছিল যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই তেওঁলোকৰ আবেদন অগাহ্য কৰে।

ইয়াৰ পিছৰ পৰ্য্যায়ত চৰকাৰে এই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানত আধাখনা অঞ্চলৰ ২৫০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ মুঠ ২৯৯টা ঘৰ উচ্ছেদ কৰা হ'ব।

আনহাতে দ্বিতীয় পৰ্যায়ত, বুধবাৰে মহঘুলি অঞ্চলৰ ২০০ হেক্টৰ ভূমি বেদখলমুক্ত কৰিবলৈ ২০২ টা ঘৰ উচ্ছেদ কৰা হ'ব।