গুৱাহাটীত অবৈধ নিৰ্মাণ আৰু বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ অভিযান ! বাদ পৰিব নেকি পুঁজিপতি বণিয়া !
গুৱাহাটীত অবৈধ নিৰ্মাণ আৰু বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ অভিযান ! বাদ পৰিব নেকি পুঁজিপতি বণিয়া ! 
মুখ্য-পৃষ্ঠা

গুৱাহাটীত অবৈধ নিৰ্মাণ আৰু বেদখলকৃত ভূমিত চলিব প্ৰশাসনৰ অভিযান ! বাদ পৰিব নেকি পুঁজিপতি বণিয়া !

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সাৱধান ! অবৈধভাৱে যদি চলাইছে কোনো নিৰ্মাণকাৰ্য তেনে বিপদত পৰাটো প্ৰায় নিশ্চিত। কিয়নো এনে অবৈধ নিৰ্মাণ কাৰ্যৰ ওপৰত পৰিব প্ৰশাসনৰ হাতোৰা। চলিব বুলড'জাৰ।

গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘালৰ এক মন্তব্যই এই কথাৰ উমান দিছে। মন্ত্ৰী সিংঘালে কৈছে, অনুমতি অবিহনে জধে-মধে মহানগৰীত চলা নিৰ্মাণ কাৰ্যত প্ৰশাসনে অভিযান চলাব।

তেওঁ কৈছে, প্ৰশাসনে অভিযান চলাই ইতিমধ্যে বেদখল কৰা স্থান মুক্ত কৰাৰ লগতে বেদখলকৃত ভূমিত চলোৱা নিৰ্মাণৰো উচ্ছেদ কৰিব। উল্লেখ্য যে, মন্ত্ৰী অশোক সিংঘালে পূৰ্বেও মহানগৰীৰ বেদখলৰ বিষয়ে উল্লেখ কৰিছিল।

বেদখল আৰু নিৰ্মাণৰ বাবেই গুৱাহাটীত কৃত্ৰিম বান আৰু অন্যান্য সমস্যাৰ সৃষ্টি হোৱা বুলিও মন্তব্য কৰিছিল। এনে প্ৰেক্ষাপটত পুনৰ মন্ত্ৰী সিংঘালে পুনৰ মহানগৰীৰ বেদখল আৰু অবৈধ নিৰ্মাণৰ বিৰুদ্ধে অভিযান চলাই উচ্ছেদ কৰিব বুলি কৰা মন্তব্যই বহুতৰে যে টোপনি কাঢ়িব সেই কথা নিশ্চিত।

অৱশ্যে মন্ত্ৰী সিংঘালৰ এই মন্তব্য কিমানদূৰ বাস্তৱায়িত হয় অথবা প্ৰশাসনৰ অভিযানে পুঁজিপতি বণিকগোষ্ঠীয়ে চলোৱা বেদখল আৰু অবৈধ নিৰ্মাণ কাৰ্যক স্পৰ্শ কৰিব পাৰিব নে নাই সেয়া সময়েহে ক'ব।

কিয়নো ইয়াৰ পূৰ্বে মহানগৰীৰ বিভিন্ন স্থানত প্ৰশাসনে অবৈধ বেদখল আৰু নিৰ্মাণ কাৰ্যৰ বিৰুদ্ধে অভিযান চলাইছিল যদিও বহিৰাগত পুঁজিপতিয়ে দখল কৰা ভূমি বেদখল মুক্ত কৰা অথবা তেওঁলোকৰ অবৈধ নিৰ্মাণত বুলড'জাৰ চলোৱাৰ পৰা বিৰত আছিল।

আনহাতে এবাৰ উচ্ছেদ কৰাৰ পিছত পৰৱৰ্তী সময়ত উচ্ছেদিত স্থানত পুনৰ নিৰ্মাণ কাৰ্য চলাৰ ঘটনাও সুলভ এইখন মহানগৰীত। গতিকে মন্ত্ৰী অশোক সিংঘালে কৰা মন্তব্য যদি সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য হয় অথবা বাস্তৱায়িত হয় তেনে গুৱাহাটীৰ বাবেই এয়া হ'ব মংগলজনক।

পিছে সময়েহে ক'ব মন্ত্ৰী সিংঘালৰ এই হুংকাৰে কাক স্পৰ্শ কৰে, কাৰ অবৈধ নিৰ্মাণত চলে প্ৰশাসনৰ বুলড'জাৰ।