অদিতি বৰুৱাৰ অনুবাদ গল্প সংকলন 'পৰিৱৰ্তনমুখী খাচী মাতৃ সমাজ' উন্মোচন...
অদিতি বৰুৱাৰ অনুবাদ গল্প সংকলন 'পৰিৱৰ্তনমুখী খাচী মাতৃ সমাজ' উন্মোচন...  
মুখ্য-পৃষ্ঠা

অদিতি বৰুৱাৰ অনুবাদ গ্ৰন্থ 'পৰিৱৰ্তনমুখী খাচী মাতৃ সমাজ' উন্মোচন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি উন্মোচন কৰা হ'ল অদিতি বৰুৱাৰ অনুবাদ গ্ৰন্থ 'পৰিৱৰ্তনমুখী খাচী মাতৃ সমাজ'। সুপৰ্ণা লাহিড়ী বৰুৱাৰ 'বদলে যাচ্ছে খাসি মায়েদেৰ গল্প' নামৰ বঙলা কিতাপখনৰ অসমীয়া অনুবাদ পৰিৱৰ্তনমুখী খাচী মাতৃ সমাজ' ।

গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনত উপস্থিত থাকে বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰা, গ্ৰন্থখনৰ মূল লেখিকা সুপৰ্ণা লাহিড়ী বৰুৱা, লেখিকা তথা শিক্ষাবিদ গীতালি দাস,দৃষ্টিবাধাপ্ৰাপ্ত সবলীকৰণৰ ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ হিমাংশু দাস আদি উপস্থিত থাকে।

গ্ৰন্থখন উন্মোচন কৰি ডঃ হিমাংশু দাসে কয়, এই মূল্যবান গ্ৰন্থখন ব্ৰেইল সংস্কৰণ তথা মহাবিদ্যালয় ও বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম হ'ব লাগে। আনহাতে বিশিষ্ট লেখক, চিন্তাবিদ ময়ূৰ বৰাই কয়, অদিতি বৰুৱাই এক সামাজিক দায়িত্ব পালন কৰিছে। অনুবাদ কৰ্মই ভাষা চহকী কৰাৰ লগতে সামাজিক দায়বদ্ধতাও প্ৰকাশ কৰে।

পৰিৱৰ্তনমুখী সমাজ ব্যৱস্থা আৰু পুৰুষতন্ত্ৰ তথা প্ৰচলিত ৰাজনৈতিক দণ্ডৰ বিষয়ে উল্লেখ কৰি তেওঁ আৰু কয় যে , কিতাপৰ মাজেৰে সমাজৰ পৰিৱৰ্তন সুষ্ঠভাৱে গ্ৰহণ কৰিব লাগিব।

আনহাতে সাৰুৱা ভাষণেৰে গ্ৰন্থখনৰ মূল লেখিকা সুপৰ্ণা লাহিড়ীয়ে জীৱন আৰু সমাজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। গ্ৰন্থখন ৰচনাৰ আঁৰৰ কথা ক'বলৈ গৈ তেওঁ কয় যে, সমাজ ব্যৱস্থাইহে মানুহক ভাগ ভাগ কৰিছে, আচলতে মানুহৰ শিপা একেই।

আন এগৰাকী উন্মোচন গীতালি দাসে গ্ৰন্থখনক সন্তানৰ সৈতে ৰিজাইছে। অনুবাদকলৈ শুভেচ্ছা জনাই তেওঁ কয় যে, খাচী মাতৃসকলৰ বিষয়ে এই কিতাপখনে পঢ়ুৱৈসকলক জনাৰ সুযোগ দিব আৰু আধুনিকতাৰ পৰসত আমাৰ মাজলৈ অহা পৰিৱৰ্তনবোৰ আলোচনা কৰিবলৈ কিতাপখনে সমল যোগাব।

দিশা শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা গ্ৰন্থপ্ৰেমী লোক উপস্থিত থাকে। উল্লেখ্য যে, এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ সমন্বয় প্ৰকাশনে।

ক্লিক কৰি পঢ়কঃ ঢকুৱাখনাত পথ দুৰ্ঘটনাঃ চালকৰ বিৰুদ্ধে সুৰা সেৱন কৰাৰ অভিযোগ...