ঢকুৱাখনাত পথ দুৰ্ঘটনাঃ চালকৰ বিৰুদ্ধে সুৰা সেৱন কৰাৰ অভিযোগ...

ঢকুৱাখনাত পথ দুৰ্ঘটনাঃ চালকৰ বিৰুদ্ধে সুৰা সেৱন কৰাৰ অভিযোগ...
ঢকুৱাখনাত পথ দুৰ্ঘটনাঃ চালকৰ বিৰুদ্ধে সুৰা সেৱন কৰাৰ অভিযোগ...

ডিজিটেল সংবাদ ঢকুৱাখনা: দিন দুপৰতে আকন্ঠ সুৰা পান কৰি তীব্ৰ বেগত যাত্ৰীবাহী গাড়ী চলাই ঢকুৱাখনাত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত কৰে এগৰাকী উন্নাসিক চালকে । ঘটনাৰ বিবৰণি মতে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বচামুখ বকুলগুৰি চাৰিআলিৰ পৰা ঢকুৱাখনা অভিমুখে AS 03 BC 1949 নম্বৰৰ এখন টাট মেজিক বাহন লৈ ৰাজু চাহু নামৰ চালকজনে বৃহস্পতিবাৰে বিয়লি যাত্ৰী উঠাই আহি আছিল।

এনেতে বিপৰীত দিশৰ পৰা এখন বাইক তীব্ৰ বেগত গৈ থকা দেখি বাইক আৰোহী গৰাকীক বচাবলৈ গৈ মেজিক বাহনখনে পথৰ প্ৰচণ্ড জোৰত নিগনি সুঁতি পকী দলংৰ মূৰত খুন্দা মাৰে । পৰিণতিত বাহনখনৰ যাত্ৰীসকল গুৰুতৰ ভাবে আহত হয় ।

আহত যাত্ৰীসকলক প্ৰথমে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়। ইয়াৰে ৰিঞ্জুমনি হাজৰিকা নামৰ সমাজ কল্যান বিভাগৰ পৰিদর্শীকা গৰাকীৰ আঘাত গুৰুতৰ হোৱাত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ জৰুৰী উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

মূৰত গুৰুতৰ ভাবে জখম হোৱা হাজৰিকাৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। ইপিনে প্ৰত্যক্ষদৰ্শী স্থানীয় ৰাইজ আৰু যাত্ৰীসকলে আৰক্ষীক জনোৱা মতে আকন্ঠ মদ্যপান কৰি বাহনখন চলোৱাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনা সংঘটিত কৰিলে চালকে।

উল্লেখ্য যে, বকুলগুৰি অংগনৱাদী কেন্দ্ৰত বিভাগীয় এখন সভা অনুষ্ঠিত কৰি ঘৰলৈ উভতিছিল ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পৰ পৰিদর্শীকা ৰিঞ্জু মণি হাজৰিকা আৰু কৰ্মী ৰঞ্জিতা দলে, নিৰু দলে । ঘটনা সন্দৰ্ভত অৱগত হৈ পাছত প্ৰকল্প বিষয়া আৰু অন্যান্য ইষ্ট কুটুম্বৰ জৰিয়তে চিকিৎসালয়লৈ আনি চিকিৎসা প্ৰদান কৰা হয়। 

অন্য আহত যাত্ৰীসকলৰ লগতে অংগনৱাদী কৰ্মী দুগৰাকী সম্প্ৰতি বিপদমুক্ত । আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি গোচৰ ৰুজু কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in