মুখ্য-পৃষ্ঠা

দেশত সংঘটিত নাৰী নিৰ্যাতনৰ ঘটনাক লৈ ৰাজ্যপালক স্মাৰক এবিভিপিৰ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত দেশৰ বিভিন্ন প্ৰান্তত নাৰীৰ বিৰুদ্ধে জঘণ্য অপৰাধ দ্রুতগতিত বৃদ্ধি পাই আহিছে। মণিপুৰ, ৰাজস্থান, পশ্চিমবংগ, ছণ্ডীগড়ৰ দৰে ৰাজ্যত আইন-শৃংখলাৰ দুৰ্বল পৰিস্থিতিৰ বাবে সাধাৰণ নাগৰিকে নিজকে অসহায় অনুভৱ কৰি আছে। ইটোৰ পিছত সিটো ঘটনা ঘটি থকাৰ পাছতো প্ৰশাসনে এই অপৰাধসমূহ বন্ধ কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত জনসাধাৰণৰ মাজত এক ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে।

মণিপুৰত মহিলাৰ ওপৰত হোৱা নিৰ্যাতন ঘটনাৰ এটা ভিডিঅ'ৰ জৰিয়তে চৰ্চালৈ অহাৰ পাছতে দেশজুৰি ক্ষোভ বিয়পি পৰাৰ লগতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ইয়াৰ পূৰ্বে ৰাজস্থানৰ কৰৌলীত এগৰাকী অনুসূচিত জাতিৰ কিশোৰীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাবে হত্যা কৰাৰ লগতে ৰাজস্থানৰ যোধপুৰৰ এখন শিক্ষানুষ্ঠানত এগৰাকী ছাত্রীক দলবদ্ধ ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছিল ৷ ইয়াৰোপৰি পশ্চিমবংগৰ হাওৰাত মহিলাক উলংগ কৰাৰ দৰে ঘটনাই যিকোনো সভ্য সমাজৰ বাবে লজ্জাজনক।

সামগ্রিক সময়ত অৰুণাচল, মণিপুৰ, ৰাজস্থান চণ্ডীগড় আদিৰ দৰে ৰাজ্যত সংঘটিত বিভিন্ন ধৰণৰ অপ্ৰতিকাৰ কাৰ্য্য তথা নাৰী নিৰ্যাতনৰ ঘটনা সমূহৰ বিৰোধ কৰি আৰু এই ঘটনা সমূহৰ লগত জড়িত দোষীসকলক উচিত শাস্তি প্ৰদানৰ দাবীত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, গুৱাহাটী মহানগৰৰ তৰফৰ পৰা শনিবাৰে গুৱাহাটী ক্লাবৰ সন্মুখত এক প্রতিবাদী কাৰ্যসূচী হাতত লোৱা হয়। প্ৰতিবাদৰ অন্ততঃ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাকেশ দাস আৰু ৰাজ্যিক যুটীয়া সম্পাদক বৰষা গোহাঁইৰ নেতৃত্বত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এটি দলে অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি তেওঁৰ জৰিয়তে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

উক্ত স্মাৰক পত্ৰখনৰ জৰিয়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীলৈ নিম্ন লিখিত দাবীসমূহ বিদ্যাৰ্থী পৰিষদৰ ফালৰ পৰা প্ৰেৰণ কৰা হয়-

১)এই ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে উপলব্ধ আইনী প্ৰতিকাৰ ব্যৱহাৰৰ দ্বাৰা দোষীৰ শাস্তি নিশ্চিত কৰিব লাগে।

২)যিবোৰ গোচৰত দোষী ধৰা পৰিছে, তেওঁলোকৰ ক্ষেত্ৰত ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে তাৎক্ষণিক বিচাৰ চলোৱাৰ লগতে যিবোৰ ক্ষেত্ৰত অপৰাধী এতিয়াও আইনৰ কবলৰ বাহিৰত আছে, তেনে ক্ষেত্ৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ বিশেষ দল গঠন কৰিব লাগে।

৩)নাৰী বিৰোধী অপৰাধ ক্রমাগতভাৱে বৃদ্ধি পোৱাৰ বাবে সমাজত নিৰাপত্তাহীনতাৰ অনুভূতি বিয়পি পৰিছে। সেয়েহে কেন্দ্রীয় চৰকাৰে মহিলাসকলৰ মাজত নিৰাপত্তাৰ ভাৱ প্ৰতিষ্ঠা কৰিবলৈ বিশেষ জনসচেতনতা কাৰ্যসূচীৰ পৃষ্ঠপোষকতা কৰা উচিত।