দেশীয় সুৰাৰ ৰাগীত মতলীয়া বন্যহস্তী...
দেশীয় সুৰাৰ ৰাগীত মতলীয়া বন্যহস্তী... 
মুখ্য-পৃষ্ঠা

দেশীয় সুৰাৰ ৰাগীত মতলীয়া বন্যহস্তী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ সুৰাৰ ৰাগীত মাতাল মদাহী আপুনি বহু দেখিছে। সুৰাৰ ৰাগীত মাতাল হৈ উদ্ভণ্ডালী কৰা মদাহী অথবা মাতাল হৈ সুখ নিদ্ৰাত পথৰ দাঁতিত পৰি থকা মহাদীও দেখিছে। কিন্তু সুৰাৰ ৰাগীত মাতাল হোৱা হাতী দেখিছেনে? হাতীৰ জাকে সুৰা সেৱন কৰে বুলিও আপুনি কেতিয়াবা শুনিছেনে?

এনে এক খবৰেই আহিছে উৰিষ্যাৰ পৰা। উৰিষ্যাৰ এখন গাঁৱত হাতীৰ এটা জাকে দেশীয় সুৰা পান কৰি গভীৰ নিদ্ৰাত মগ্ন থকাৰ দৃশ্য পোহৰলৈ আহিছে। উৰিষ্যাৰ কেওনঝাৰ জিলাৰ শিলিপদ গাঁৱৰ লোকসকলে অৰণ্যৰ এখন নৈৰ পানীত একো একোটা ডাঙৰ পাত্ৰত মহুয়া ফুল তিয়াই ৰাখিছিল। এই মহুয়া ফুলৰ জৰিয়তে তেওঁলোকে দেশীয় সুৰা প্ৰস্তুত কৰে।

যেতিয়া পুৱা গাঁওবাসীয়ে সেই তিয়াই থোৱা মহুয়া ফুল আনিবলৈ অৰণ্যৰ মাজলৈ যায় তেতিয়া তাত হাতীৰ এটা জাকক শুই থকা প্ৰত্যক্ষ কৰে। হাতীৰ জাকটোৱে মহুয়া ভৰাই থোৱা সকলো পাত্ৰ ভাঙি চূৰমাৰ কৰি থোৱাও প্ৰত্যক্ষ কৰে।

হাতীৰ জাকটোত আছিল মুঠ ২৪ টা হাতী। মহুয়া ভৰ্তি পাত্ৰৰ নিচাযুক্ত পানী খাই গোটেই কেইটা হাতীৰ নিচা ধৰাত তেনেদৰে শুই আছিল বুলি গাওঁবাসীয়ে প্ৰকাশ কৰিছে।

এই দৃশ্য দেখাৰ পিছতে গাওঁবাসীয়ে হাতী কেইটাক টোপনিৰ পৰা উঠাবলৈ চেষ্টা কৰে যদিও বিফল হয়। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকক খবৰ দিয়ে। বন বিভাগেও বহু কষ্টৰ মূৰতহে হাতীৰ জাকটোক টোপনিৰ পৰা জগাবলৈ সক্ষম হয়।