এ বি আৰ পি এলৰ মুখ্যদ্বাৰত শোকসভা সম্পন্ন
এ বি আৰ পি এলৰ মুখ্যদ্বাৰত শোকসভা সম্পন্ন 
মুখ্য-পৃষ্ঠা

নুমলীগড়ৰ অসম বায়' ৰিফাইনেৰী প্ৰকল্পত দুর্ঘটনাত পতিত কমল উদ্দীন ইছলামৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ত নিৰ্মীয়মান অসম বায়' ৰিফাইনেৰী প্ৰাইভেট লিমিটেড(এ বি আৰ পি এল)ৰ প্ৰকল্পত কৰ্মৰত অৱস্থাত যোৱা ৯ জানুৱাৰীত দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত থকা কমল উদ্দীন ইছলাম(৩০) নামৰ নিৰ্মাণ শ্ৰমিকজনে সোমাবাৰে শেষ নিশ্বাস ত্যাগ কৰে। এই খবৰ বিয়পি পৰাৰ পিচতে এ বি আৰ পি এলৰ ভিতৰে-বাহিৰে গভীৰ শোকৰ ছাঁ পৰে।

উল্লেখ্য যে বৰপেটাৰ নিবাসী শ্ৰমিকজন প্ৰকল্পত কৰ্মৰত অৱস্থাত ওপৰৰ পৰা লোহাৰৰ চেনেল এটা তেওঁৰ মূৰত পৰে। ইয়াৰ লগে লগেই ৯ জানুৱাৰীৰ দিনাই ভিকে-এন আৰ এল চিকিৎসালয়লৈ নিয়া হয়। কিন্তু, মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কমলক উন্নত চিকিৎসাৰ বাবে প্ৰথম অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

কিন্তু, নিৰ্মাণ শ্ৰমিকজনে দুর্ঘটনাৰ ৮ দিনে মৃত্যুৰে যুঁজি অৱশেষত সোমাবাৰে চিকিৎসাধীন অৱস্থাতে মৃত্যুৰ ওচৰত হাৰ মানিলে। শ্ৰমিকজনৰ মৃত্যুত শোক বিহ্বল হৈ পৰা অসম বায়' ৰিফাইনেৰী নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ উদ্যোগত আজি বায়' ৰিফাইনেৰীৰ মুখ্যদ্বাৰত এক শোকসভাৰ আয়োজন কৰা হয়। ইউনিয়নৰ সম্পাদক অনিৰুদ্ধ কৰ্মকাৰে আঁত ধৰা অনুষ্ঠানত বায়' ৰিফাইনেৰীৰ কেইবাজনো শীৰ্ষ বিষয়াও উপস্থিত থাকি শোক প্ৰকাশ কৰে।