অৰুণাচলত অসমৰ ৯ জনীয়া যুৱকক আৱদ্ধ কৰি শাৰীৰিক, মানসিক নিৰ্যাতন...
অৰুণাচলত অসমৰ ৯ জনীয়া যুৱকক আৱদ্ধ কৰি শাৰীৰিক, মানসিক নিৰ্যাতন... 
মুখ্য-পৃষ্ঠা

অৰুণাচলত অসমৰ ৯ জনীয়া যুৱকক আৱদ্ধ কৰি শাৰীৰিক, মানসিক নিৰ্যাতন...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ পুনৰ বহিঃৰাজ্যত নিৰ্যাতিত হৈছে অসম যুৱক। এইবাৰ দেশৰ অন্য প্ৰান্তত নহয়, উত্তৰ পূৰ্বাঞ্চলতে নিৰ্যাতনৰ সন্মুখীন হ'ল অসমৰ যুৱকৰ এটা দল।

জানিব পৰা মতে অৰুণাচলত অসমৰ এটা যুৱকৰ দলক আৱদ্ধ কৰি ৰখা হৈছে। অৰুণাচলত আৱদ্ধ হৈ থকা এই দলটোত আছে ৯ জন যুৱক। অৰুণাচল প্ৰদেশৰ আলমত আবদ্ধ কৰি ৰখা হৈছে এই যুৱক কেইজনক।

আৱদ্ধ হৈ থকা আটাইকেইজন যুৱক মৰাণৰ। তেওঁলোকক আৱদ্ধ কৰি শাৰীৰিক, মানসিক আতিশায্যও চলোৱা হৈছে।

এই ঘটনাৰ খবৰ পোৱাৰ পিছতে যুৱক কেইজনৰ পৰিয়ালে আটাইকেইজনকে স্বগৃহলৈ ঘূৰাই আনিবলৈ আৰক্ষী তথা প্ৰশাসনক আহ্বান জনাইছে। ঘটনা সন্দৰ্ভত পৰিয়ালবৰ্গই মৰাণ আৰক্ষী থানাত এজাহাৰো দাখিল কৰিছে।